তুৰস্কত ভূমিকম্পৰ তীব্ৰ জোকাৰণি, বালিকেছিৰ প্ৰদেশত আটাইতকৈ বেছি ধ্বংসলীলা, প্ৰাবল্য ৬.১
আংকাৰা (তুৰস্ক), ২৮ অক্টোবৰ (হি.স.): তুৰস্কৰ বালিকেছিৰ প্ৰদেশত ৬.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে। ইস্তানবুলৰ লগতে অন্যান্য চহৰতো এই কঁপনি অনুভূত হয়। দেশখনৰ জৰুৰীকালীন সংস্থাই জনোৱা মতে, আতংকিত বাসিন্দাসকলে ঘৰৰ পৰা লৰালৰি
তুৰস্কত ভূমিকম্পৰ তীব্ৰ জোকাৰণি, বালিকেছিৰ প্ৰদেশত আটাইতকৈ বেছি ধ্বংসলীলা, প্ৰাবল্য ৬.১


আংকাৰা (তুৰস্ক), ২৮ অক্টোবৰ (হি.স.): তুৰস্কৰ বালিকেছিৰ প্ৰদেশত ৬.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে। ইস্তানবুলৰ লগতে অন্যান্য চহৰতো এই কঁপনি অনুভূত হয়। দেশখনৰ জৰুৰীকালীন সংস্থাই জনোৱা মতে, আতংকিত বাসিন্দাসকলে ঘৰৰ পৰা লৰালৰিকৈ ওলাই যায় আৰু এই শক্তিশালী ভূমিকম্পৰ বাবে অসংখ্য অট্টালিকা ভাঙি পৰে।

টি আৰ টি ৱৰ্ল্ড নিউজ চেনেলে প্ৰকাশ কৰা অনুসৰি তুৰস্কৰ জৰুৰীকালীন সংস্থাই প্ৰকাশ কৰা অনুসৰি সোমবাৰে গভীৰ নিশা দেশখনৰ বালিকেছিৰ প্ৰদেশত ৬.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই আঘাত হানে। তুৰস্কৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, এই ভূমিকম্প স্থানীয় সময় অনুসৰি নিশা ১০:৪৮ বজাত (১৯৪৮ জিএমটি) সংঘটিত হয়। তাৎক্ষণিকভাৱে কোনো লোক হতাহতিৰ খবৰ পোৱা নগ’ল। ভূমিকম্পৰ কেন্দ্ৰস্থল ৫.৯৯ কিলোমিটাৰ গভীৰতাত আছিল আৰু এয়া ইস্তানবুল আৰু ইয়াৰ আশে-পাশে থকা প্ৰদেশসমূহত অনুভৱ কৰা হৈছিল।

তুৰ্কীৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তুৰ্কীৰ উপ-ৰাষ্ট্ৰপতি ছেভডেট য়িলমাজে কয় যে দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু অন্যান্য সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে পৰিদৰ্শন আৰম্ভ কৰিছে, আৰু প্ৰতিবেদনসমূহ সযতনে পৰ্যালোচনা কৰা হৈছে।

তুৰ্কিয়ে টুডে কাকতৰ তথ্য অনুসৰি ডাঙৰ ডাঙৰ চহৰত ৪০ ছেকেণ্ড ধৰি অনুভূত হৈছিল এই কম্পন। দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে, বালিকেছিৰ প্ৰদেশৰ ছিণ্ডিৰ্গি জিলাত এই ভূমিকম্পৰ তীব্ৰ অনুভৱ হৈছে। কান্দিলী মানৱ নিৰীক্ষণ কেন্দ্ৰই ৬.০ আৰু ইয়াৰ গভীৰতা ১১.৪ কিলোমিটাৰ ভূমিকম্পৰ জোখ-মাখ কৰিছিল। ইস্তানবুল আৰু ইজমিৰৰ বাসিন্দাসকলে জনোৱা মতে, এই কম্পন প্ৰায় ৩০-৪০ ছেকেণ্ড ধৰি চলিছিল।

ইস্তানবুল আৰু ইজমিৰৰ উপৰিও বুৰ্ছা আৰু চানাকালেতো এই কঁপনি অনুভৱ কৰা হয়। ইয়াৰ ফলত পশ্চিম তুৰস্কৰ লাখ লাখ লোক প্ৰভাৱিত হয়। অবিৰত আফটাৰশ্বকৰ ফলত অসংখ্য অট্টালিকা ভাঙি যায়। কৰ্তৃপক্ষৰ মতে, এই ভূমিকম্পৰ কেইমিনিটমান পিছতে স্থানীয় সময় অনুসৰি নিশা ১০:৫০ বজাত একেটা অঞ্চলতে ৭ কিলোমিটাৰ গভীৰতাত আন এটা ৪.২ প্ৰাবল্যৰ ভূমিকম্পই আঘাত হানে।

ছিণ্ডিৰ্গিৰ মেয়ৰ ছাকে জনোৱা মতে, অঞ্চলটোত অট্টালিকা ভাঙি গৈছে যদিও বিতং তথ্য তৎক্ষণাত উপলব্ধ নহয়। ইয়াৰ পূৰ্বেও ১০ আগষ্টত এই অঞ্চলত ভূমিকম্পৰ সৃষ্টি হৈছিল। ১০ আগষ্টৰ পৰা এই অঞ্চলত ১২ হাজাৰতকৈ অধিক আফটাৰশ্বকৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানে কয় যে সংশ্লিষ্ট কৰ্তৃপক্ষ বিশেষকৈ আঞ্চলিক কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিৰীক্ষণ কৰি আছে। স্বাস্থ্যমন্ত্ৰী কেমাল মেমিছ’গলুৱে ক্ষতিগ্ৰস্তসকলৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে, “এতিয়ালৈকে আমাৰ মন্ত্ৰালয়ৰ ইউনিটসমূহে কোনো ধৰণৰ বিৰূপ পৰিস্থিতিৰ কোনো প্ৰতিবেদন পোৱা নাই।”

মন কৰিবলগীয়া যে তুৰস্ক মুখ্য ফল্ট লাইনত অৱস্থিত আৰু ইয়াৰ ইতিহাসত অসংখ্য বিধ্বংসী ভূমিকম্পৰ সন্মুখীন হৈছে। ইস্তানবুলো ইয়াৰ আওতাত পৰে। ইস্তানবুল তুৰস্কৰ সৰ্ববৃহৎ চহৰ, ইয়াত ডেৰ কোটিতকৈ অধিক লোকে বাস কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande