উত্তৰ প্ৰদেশত আৰম্ভ হৈছে বিশেষ নিবিড় পুনৰীক্ষণ, ১.৬২ লাখ ভোটগ্ৰহণ বুথত একেলগে অভিযান
ৰাজ্যৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰত ১২০০ তকৈ অধিক ভোটাৰ নাথাকিব লক্ষ্ণৌ, ২৮ অক্টোবৰ (হি.স.)। ভাৰতৰ নিৰ্বাচন আয়োগে দ্বিতীয় পৰ্যায়ৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ)ত উত্তৰ প্ৰদেশকে ধৰি ১২খন ৰাজ্যৰ ভোটাৰ তালিকাৰ পুংখানুপুংখ পুনৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰি
উত্তৰ প্ৰদেশত আৰম্ভ হৈছে বিশেষ নিবিড় পুনৰীক্ষণ, ১.৬২ লাখ ভোটগ্ৰহণ বুথত একেলগে অভিযান


ৰাজ্যৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰত ১২০০ তকৈ অধিক ভোটাৰ নাথাকিব

লক্ষ্ণৌ, ২৮ অক্টোবৰ (হি.স.)। ভাৰতৰ নিৰ্বাচন আয়োগে দ্বিতীয় পৰ্যায়ৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ)ত উত্তৰ প্ৰদেশকে ধৰি ১২খন ৰাজ্যৰ ভোটাৰ তালিকাৰ পুংখানুপুংখ পুনৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰায় ২২ বছৰৰ মূৰত আজি ২৮ অক্টোবৰ, ২০২৫ তাৰিখে পুনৰ আৰম্ভ হৈছে এই বিশেষ অভিযান। এই পুনৰীক্ষণ উত্তৰ প্ৰদেশৰ ১৬২,৪৮৬ টা ভোটগ্ৰহণ কেন্দ্ৰত একেলগে কৰা হ’ব, আৰু ইয়াৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত এজন নিৰ্বাচনী পঞ্জীয়ন বিষয়া নিয়োগ কৰা হৈছে আৰু প্ৰতিটো ভোট কেন্দ্ৰত এজন বুথ পৰ্যায়ৰ বিষয়া নিয়োগ কৰা হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনৱাই উল্লেখ কৰে যে বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) সফলতাৰে পৰিচালনা কৰিবলৈ সকলো জিলা নিৰ্বাচনী বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া, আৰু বিএলঅ’ক প্ৰশিক্ষণ দিয়া হৈছে। নিৰ্ধাৰিত সময়সূচী অনুসৰি ২৮ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈকে প্ৰস্তুতি, প্ৰশিক্ষণ, আৰু ফৰ্ম ছপা কৰা হ’ব। ৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ বিএলঅ’সকলে ঘৰে ঘৰে গৈ গণনাৰ প্ৰ-পত্ৰ বিতৰণ কৰিব আৰু সম্পূৰ্ণ কৰাৰ পিছত সংগ্ৰহ কৰিব। ৯ ডিচেম্বৰত প্ৰকাশ পাব ভোটাৰ তালিকাৰ খচৰা।

মুখ্য নিৰ্বাচনী বিষয়া ৰিনৱাই কয় যে ৯ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈকে দাবী আৰু আপত্তি লাভ কৰা হ’ব, ৩১ জানুৱাৰীৰ ভিতৰত ইয়াৰ নিষ্পত্তি সম্পূৰ্ণ হ’ব। ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। উত্তৰ প্ৰদেশত প্ৰায় ১৫.৪৪ কোটি ভোটাৰ আছে। ৭৫ জন জিলা নিৰ্বাচন বিষয়া, ৪০৩ জন নিৰ্বাচন পঞ্জীয়ন বিষয়া, ২০৪২ জন সহকাৰী বিষয়া, আৰু ১,৬২,৪৮৬ জন বুথ পৰ্যায়ৰ বিষয়াই কাম কৰি আছে।

তেওঁ উল্লেখ কৰে যে কোনো ভোট কেন্দ্ৰত যাতে ১২০০ তকৈ অধিক ভোটাৰ নাথাকে তাৰ বাবে এই সময়ছোৱাত ভোটকেন্দ্ৰসমূহৰ পৰীক্ষণ আৰু সালসলনিও কৰা হ’ব। বিশেষ নিবিড় পুনৰীক্ষণ অভিযানত সকলো ৰাজনৈতিক দল আৰু ভোটাৰক সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনৱাই আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande