উদীয়মান সূৰ্য্যক অৰ্ঘ্য প্ৰদানেৰে সূৰ্য্য উপাসনাৰ মহাপৰ্ব ছঠ পূজাৰ সমাপন
গুৱাহাটী, ২৮ অক্টোবৰ (হি.স.)। লোক আস্হা আৰু সূৰ্য্য উপাসনাৰ মহাপৰ্ব ভৱ্য ছঠ উৎসৱৰ আজি উদীয়মান সূৰ্য্যক অৰ্ঘ্য প্ৰদানেৰে সামৰণি পৰে। সমগ্ৰ দেশতে ছঠ পূজা উদযাপন কৰা হয়। বিহাৰ, ঝাৰখণ্ডকে ধৰি সমগ্ৰ দেশতে উৎসাহ আৰু ভক্তিৰে উদযাপন কৰা হৈছে ছঠ পূজা। অসম
नदी तटों पर लोग उगते सूर्य अर्घ्य देने के लिए उमड़ पड़े हैं। फोटो - इंटरनेट मीडिया


গুৱাহাটী, ২৮ অক্টোবৰ (হি.স.)। লোক আস্হা আৰু সূৰ্য্য উপাসনাৰ মহাপৰ্ব ভৱ্য ছঠ উৎসৱৰ আজি উদীয়মান সূৰ্য্যক অৰ্ঘ্য প্ৰদানেৰে সামৰণি পৰে। সমগ্ৰ দেশতে ছঠ পূজা উদযাপন কৰা হয়। বিহাৰ, ঝাৰখণ্ডকে ধৰি সমগ্ৰ দেশতে উৎসাহ আৰু ভক্তিৰে উদযাপন কৰা হৈছে ছঠ পূজা। অসমতো হিন্দীভাষী লোকসকলে উৎসাহেৰে এই উৎসৱ পালন কৰে।

উপাসকসকলৰ বাবে ঘাটসমূহত বিশেষ ব্যৱস্থা কৰা হৈছিল। উদীয়মান সূৰ্য্যক ‘উষা অৰ্ঘ্য’ আগবঢ়াবলৈ পুৱতি নিশাৰ পৰাই ভক্তসকলে পূজাৰ যাৱতীয় সামগ্ৰী লৈ ঘাটত উপস্থিত হোৱা আৰম্ভ কৰিছিল। উদীয়মান সূৰ্য্যক অৰ্ঘ্য প্ৰদান কৰাৰ পিছতে চাৰিদিনীয়া ছঠ পূজাৰ সামৰণি পৰে।

গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰ নদ তথা আন জলাশয়ৰ ৰমক জমক কৰি তোলা ঘাটত উদীয়মান সূৰ্য্যক অৰ্ঘ্য আগবঢ়ায় ভক্তসকলে। ছঠ পূজাৰ অন্তিম দিনটোত উদীয়মান সূৰ্য্যক অৰ্ঘ্য আগবঢ়াবলৈ মহানগৰীৰ নুনমাটি, চুণচালি, উজানবজাৰ, ফাঁচী বজাৰ, লাচিত ঘাট, পাণ্ডু, সদিলাপুৰ আদি বিভিন্ন ঘাটত ভক্তসকলে ভিৰ কৰে।

উল্লেখ্য যে শনিবাৰে কাৰ্তিক শুক্লা চতুৰ্থীৰ দিনা নহাই-খায়ৰ পবিত্ৰ ৰীতি-নীতিৰে আৰম্ভ হৈছিল সূৰ্য্য দেৱতাৰ পূজা-অৰ্চনাত চাৰিদিনীয়া ছঠ উৎসৱ। এই উৎসৱৰ শুক্লা পঞ্চমীৰ দিনা অস্তমিত সূৰ্য্য দেৱতাৰ পূজা অৰ্চনা কৰা হয় আৰু পিছদিনা উদীয়মান সূৰ্য্যক অৰ্ঘ্য আগবঢ়ায় এই উৎসৱৰ সামৰণি মাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande