জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ টিকটৰ বাবে দীঘলীয়া শাৰী
আহি আছে হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ শেষৰখন চিনেমা ‘ৰৈ ৰৈ বিনালে’। অহা ৩১ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে’ ছবিখনে। এই উপলক্ষে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰে সুন্দৰকৈ সজাই তোলা হৈছে ছবিগৃহসমূহ। জুবিন‌ গাৰ্গৰ হেঁপাহৰ অন্তিমখন ছবি হৈছে ''ৰৈ ৰৈ ব
জুবিনৰ ‘ৰৈ ৰৈ বিনালে’


আহি আছে হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ শেষৰখন চিনেমা ‘ৰৈ ৰৈ বিনালে’। অহা ৩১ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে’ ছবিখনে। এই উপলক্ষে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰে সুন্দৰকৈ সজাই তোলা হৈছে ছবিগৃহসমূহ।

জুবিন‌ গাৰ্গৰ হেঁপাহৰ অন্তিমখন ছবি হৈছে 'ৰৈ ৰৈ বিনালে'।‌ এই ছবিখনৰ বাবে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে আগ্ৰহেৰে বাট চাইছে। শুকুৰবাৰৰ পৰা ছবিখনৰ অনলাইন টিকট বুকিং আৰম্ভ হোৱাৰ পাছতে সৃষ্টি হৈছে অভিলেখ। মুক্তিৰ পূৰ্বেই ‘ৰৈ ৰৈ বিনালে’ ছবিখনে সৃষ্টি কৰিছে অভিলেখ।

উল্লেখ্য যে ৪ কোটি টকাৰ ব্যায় সাপেক্ষে নিৰ্মাণ হোৱা ছবিখনত জুবিন গাৰ্গৰ চৰিত্ৰটোৰ নাম ৰাউল। অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে অৰুণাচল, মেঘালয় আৰু মণিপুৰত মুক্তি লাভ কৰিব ছবিখনে। ১০খন দেশত ২৫ নৱেম্বৰত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে।

এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছবিগৃহবোৰত টিকট বিচাৰি হাহাকাৰ কৰিছে ৰাইজে। প্ৰি-বুকিং আৰম্ভ হোৱাৰ লগে লগে টিকটৰ বাবে শাৰী পাতিছে দৰ্শকসকলে। প্ৰায়বোৰ স্থানতে ছবিখনৰ মুক্তিৰ ৩ দিনলৈ টিকট প্ৰায় বিক্ৰী হৈছে।

সমান্তৰালকৈ গুৱাহাটীৰ আটাইতকৈ পুৰণি ছবিগৃহ অনুৰাধাত টিকট বিচাৰি আহিছে অনুৰাগীয়ে। জুবিন গাৰ্গৰ হেঁপাহৰ ছবিখন চাবলৈ টিকট বিচাৰি হাবাথুৰি খাইছে‌। এগৰাকী অনুৰাগীয়ে ১০টাতকৈ অধিক টিকট ক্ৰয় কৰিছে। ইতিমধ্যে ৩১ অক্টোবৰৰ টিকট শেষ হৈ গৈছে। আনহাতে দ্বিতীয় দৰ্শনীৰ বাবে টিকট ক্ৰয় কৰিছে অনুৰাগীসকলেয়ে। জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁৰ শেষৰখন চিনেমা চাবৰ বাবে জুবিন অনুৰাগীসকল অধিক আগ্ৰহেৰে ৰৈ থকা দেখা গৈছে। যিহেতু ৩১ অক্টোবৰ তাৰিখে প্ৰাণৰ শিল্পীগৰাকীৰ শেষৰখন চিনেমাই মুক্তি লাভ কৰিব, তাৰবাবে ৰাজ্যৰ চিনেমা হলসমূহো অতি সুন্দৰকৈ সজাই তোলা দেখা গৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande