
বৰপেটা, ২৫ অক্টোবৰ (হি.স.)। বৰপেটা জিলাৰ বৰভিটা পি এম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰপ্ৰাপ্ত অধ্যক্ষা জহুৰা খাতুনে বিদ্যালয়ত চলাই থকা দুৰ্নীতিৰ অভিযোগত ২৪ অক্টোবৰত বিয়লি বিদ্যালয় খনৰ ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰে । শিক্ষাৰ্থী সকলৰ দুপৰীয়াৰ আহাৰ নিয়মমতে নিদিয়া, প্ৰস্ৰাৱগাৰ আছে যদিও শিক্ষাৰ্থী সকলক ব্যৱহাৰ কৰিব নিদিয়া, বিশুদ্ধ খোৱা পানীৰ বাবে সম্পূৰ্ণ যোগাৰ আছে যদিও পানী নথকা, নৱম শ্ৰেণীৰ পঞ্জীয়ন মাছুল চৰকাৰে ধাৰ্য্য কৰাতকৈ অধিক আদায় লোৱা, পাঠদানৰ ক্ষেত্ৰত ভেঙুচালী কৰাৰ প্ৰতিবাদত বিদ্যালয়ৰ প্ৰবেশদ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ একতা সভাই ।
প্ৰতিবাদীকাৰী সকলে অধ্যক্ষা জহুৰা খাতুনৰ দূৰ্নীতি বন্ধ কৰক, শৈক্ষিক পৰিৱেশ ঘূৰাই আনক, দূৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই উচিত তদন্ত কৰক ইত্যাদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ