
কামৰূপ, ২৫ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ বৃহৎ প্ৰতিবাদ।
জাষ্টিচ ফৰ জুবিন গাৰ্গ, জুবিন গাৰ্গক ন্যায় দিয়ক আদি শ্লোগানেৰে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে আজি প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
ইফালে জুবিন ক্ষেত্ৰত গুণমুগ্ধ সকলৰ প্ৰৱেশ আৰু প্ৰস্থানৰ সময় তথা এছ অ পি নিৰ্ধাৰণ কৰাৰ পিছতো স্বাভাৱিকতে জুবিনপ্ৰেমী অনুৰাগীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আজি প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলেও কয় যে ভগৱানক লগ পাবলৈ কোনো এছ অ পি ৰ প্ৰয়োজন নাই। এছ অ পি কেতিয়াও গ্ৰহণযোগ্য নহয়। চৰকাৰে জুবিন ক্ষেত্ৰত যোৱাৰ বাবে দিয়া এছ অ পি পৰিহাৰ কৰিব লাগে বুলিও ছাত্ৰ ছাত্ৰীসকলে দাবী জনায়।
ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে ৰঙিয়া চহৰৰ মাজেৰে পদযাত্ৰা কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা