(আপডেট) কোকৰাঝাৰত ৰে’ল লাইনত আই ই ডি বিস্ফোৰণৰ অভিযুক্ত মাওবাদীৰ এনকাউণ্টাৰত নিহত
কোকৰাঝাৰ, ২৫ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী থানাৰ অন্তৰ্গত নডাংগুৰিত আজি পুৱা এক এনকাউণ্টাৰত এজন মাওবাদী নিহত হয়। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এই কথা নিশ্চিত কৰে। নিহত মাওবাদীজনৰ নাম এপ
असमः मुठभेड़ के बाद पुलिस कर्मियों के जमावड़े का दृश्य। इनसाइड में मुठभेड़ में ढेर माओवादी


কোকৰাঝাৰ, ২৫ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী থানাৰ অন্তৰ্গত নডাংগুৰিত আজি পুৱা এক এনকাউণ্টাৰত এজন মাওবাদী নিহত হয়। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এই কথা নিশ্চিত কৰে।

নিহত মাওবাদীজনৰ নাম এপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মু (৪০)। উল্লেখযোগ্য যে যোৱা ২৩ অক্টোবৰত কোকৰাঝাৰৰ ছালাকাটিত ৰে'লপথত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত তেওঁৰ জড়িততাও আৰক্ষীয়ে নিশ্চিত কৰিছে। সম্প্ৰতি আৰক্ষীয়ে ঘটনাস্থলীৰ তদন্ত অব্যাহত ৰাখিছে।

মন কৰিবলগীয়া যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কোকৰাঝাৰৰ ৰে'ল পথত আই ই ডি বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তৰ পৰিচয় পোৱা বুলি দাবী কৰিছিল৷ আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ অহৰহ অভিযান চলাই আছিল।

উল্লেখযোগ্য যে কোকৰাঝাৰ জিলা নগৰৰ সমীপত ৰে'লপথত আই ই ডি বিস্ফোৰণৰ ফলত ৰে'লপথৰ যথেষ্ট ক্ষতিসাধন হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ সংমণ্ডলত সংঘটিত হৈছিল এই বিস্ফোৰণ।

এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে পুৱা প্ৰায় ১:০০ বজাত ছালাকাটি আৰু কোকৰাঝাৰৰ মাজৰ পৰা আপ আজাৰা চুগাৰ নামৰ এখন মালবাহী ৰে’ল পাৰ হৈ থকাৰ সময়তে ৰে’লৰ মেনেজাৰে প্ৰচণ্ড জোকাৰণিৰ খবৰ দিয়ে। ইয়াৰ পিছতে ৰে'লখন ৰখাই দিয়া হয়। তদন্তৰ অন্তত নিৰ্ণয় কৰা হয় যে সন্দেহযুক্ত আই ই ডি বিস্ফোৰণৰ ফলত ট্ৰেক আৰু শ্লীপাৰৰ ক্ষতি হৈছে। ৰাজ্যিক আৰক্ষী, আৰ পি এফ, চোৰাংচোৱা বিষয়াই বিষয়টোৰ তদন্ত কৰি আছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande