সোমবাৰে পালন কৰা হব হিন্দু ধৰ্মী লোকসকলৰ আৰাধ্য দেৱতা সূৰ্য দেৱতাক উদ্দেশ্যি 'ষট পূজা'
বৰপেটা, ২৫ অক্টোবৰ (হি.স.)। সোমবাৰে পালন কৰা হব হিন্দু ধৰ্মী লোকসকলৰ আৰাধ্য দেৱতা সূৰ্য দেৱতাক উদ্দেশ্যি ''ষট পূজা'। ষট পূজাৰ মুল পূজা ভাগ সোমবাৰে অনুষ্ঠিত হব যদিও পূজাৰ বিধি ব্যৱস্থা, ব্ৰত আদি আজিৰে পৰা আৰম্ভ হৈছে । সমগ্র দেশৰ লগতে বৰপেটাৰোড চহ
সোমবাৰে পালন কৰা হব হিন্দু ধৰ্মী লোকসকলৰ আৰাধ্য দেৱতা সূৰ্য দেৱতাক উদ্দেশ্যি 'ষট পূজা'


বৰপেটা, ২৫ অক্টোবৰ (হি.স.)। সোমবাৰে পালন কৰা হব হিন্দু ধৰ্মী লোকসকলৰ আৰাধ্য দেৱতা সূৰ্য দেৱতাক উদ্দেশ্যি 'ষট পূজা'।

ষট পূজাৰ মুল পূজা ভাগ সোমবাৰে অনুষ্ঠিত হব যদিও পূজাৰ বিধি ব্যৱস্থা, ব্ৰত আদি আজিৰে পৰা আৰম্ভ হৈছে । সমগ্র দেশৰ লগতে বৰপেটাৰোড চহৰত এইবেলিও মহা সমাৰোহেৰে চাৰি দিনীয়া কাৰ্যসূচীৰে ষট পূজা পালন কৰা হব।

বৰপেটাৰোড চহৰত সূৰ্য দেৱতাৰ আৰাধনাৰ উদ্দেশ্যে মুল পূজা ভাগ বিষ্ণু জ্যোতি সৰোবৰৰ ষট পূজা ঘাটস্থলীত অনুষ্ঠিত হব । ইতিমধ্যে বিষ্ণু জ্যোতি সৰোবৰ ষট পূজা ঘাট স্থলী সজাই পৰাই তোলাৰ কাম আৰম্ভ কৰিছে ভক্তসকলে।

পূজাৰ ঘাটস্থলীৰ মণ্ডপসমুহ দুই পালন পবিত্ৰ কৰাৰ লগতে ঘাটৰ চৌপাশৰ আলোকসজ্জাৰে সজাই পৰাই তোলাৰ কাম আৰম্ভ কৰিছে ভক্ত সকলে।

হেজাৰ হেজাৰ ভক্তৰ সমাগম হবলগীয়া বৰপেটাৰোড ষট পূজাত এইবেলি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই সকলো সংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী বাতিল কৰিছে ।

বৰপেটাৰোড চহৰত ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা ষট পূজা উপলক্ষে আজি আয়োজক সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে।

উক্ত সংবাদমেলত ষট পূজাৰ কাৰ্যসূচী আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই সাংস্কৃতিক অনুষ্ঠান বাতিল কথা ঘোষনা কৰে আয়োজক সমিতিয়ে।

উল্লেখ্য যে, কাতি মাহৰ শুক্লা ষষ্ঠী তিথিত ষট পূজা পালন কৰা হয়। পূজা উপলক্ষে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সমষত হিন্দু সকলৰ মুল আৰাধ্য দেৱতা সূর্যৰ প্ৰতি অর্ঘ্য আগবঢ়োৱা হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande