নলবাৰী, ২৩ অক্টোবৰ (হি.স.): নলবাৰী জিলাৰ টিহুত যোৱা কালি বুধবাৰে সন্ধিয়া এক ভয়ানক পথ দূৰ্ঘটনা সংঘটিত হয় । টিহু উপ আৰক্ষী থানা পহৰাদাৰী চকীৰৰ সন্মুখত এই দুৰ্ঘটনা ঘটে।
দুৰ্ঘটনাটোত কৌশিক পাঠক নামৰ এজন বাইক আৰোহী গুৰুতৰ ভাবে আহত হয় । বাইক আৰোহী জনক তৎক্ষণাত নলবাৰী সাৰথি মেডিকেললৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেল খনৰ নম্বৰ এএছ ১৪ টি ১৯৩১ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ