
চণ্ডীগড়, ২৩ অক্টোবৰ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ফ্ৰেঞ্চাইজি পঞ্জাব কিংছে (পি বি কে এছ) ভাৰতীয় ক্ৰিকেটাৰ তথা অভিজ্ঞ প্ৰশিক্ষক ছাইৰাজ বহুতুলেক আগন্তুক ছিজনৰ বাবে দলৰ নতুন স্পিন বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। ২০২৩ চনৰ পৰা ২০২৫ চনলৈকে এই ভূমিকাত কাৰ্যনিৰ্বাহ কৰা সুনীল যোশীৰ ঠাইত বহুতুলে স্থান লৈছে।
ঘৰুৱা ক্ৰিকেটৰ এজন অটল আৰু অতি সন্মানীয় ক্ৰিকেট প্ৰশিক্ষক হিচাপেও পৰিচিত ছাইৰাজ বহুতুলে। ইয়াৰ পূৰ্বে তেওঁ কেৰালা, গুজৰাট, বিদৰ্ভ আৰু বংগৰ দৰে ঘৰুৱা দলৰ প্ৰশিক্ষক হিচাপে কাম কৰাৰ লগতে ৰাজস্থান ৰয়েলছ (আই পি এল ফ্ৰেঞ্চাইজি)ৰ সৈতে কাম কৰিছিল, য’ত তেওঁ বিভিন্ন ফৰ্মেটত যুৱ প্ৰতিভা বিকাশ আৰু বলিং কৌশল উন্নত কৰাত মনোনিৱেশ কৰিছিল। পঞ্জাৱ কিংছৰ চিইঅ’ সতীশ মেননে আনুষ্ঠানিক বিবৃতিত বহুতুলেক দললৈ আদৰণি জনাই কয়, পাঞ্জাব কিংছৰ প্ৰতি বছৰ বছৰ ধৰি তেওঁৰ নিষ্ঠা আৰু অৱদানৰ বাবে আমি আন্তৰিক ধন্যবাদ জনাইছো তেখেতে আমাৰ দলৰ বাবে অমূল্য বুলি প্ৰমাণিত হ'ব।'
বাহুতুলেই ফ্ৰেঞ্চাইজিত যোগদান কৰাৰ বাবেও আনন্দ প্ৰকাশ কৰি কয় যে, আগন্তুক আই পি এল ছিজনৰ বাবে পঞ্জাব কিংছৰ স্পিন বলিং প্ৰশিক্ষক হিচাপে যোগদান কৰিবলৈ পাই মই অতিশয় উৎসাহিত। এই দলটোৱে ক্ৰিকেটৰ এক বেলেগ শৈলী খেলে, আৰু ইয়াৰ সম্ভাৱনা মই দেখিবলৈ পাওঁ। দলটোত বহু প্ৰতিভাৱান খেলুৱৈ আছে, আৰু মই তেওঁলোকৰ সৈতে কাম কৰিবলৈ, তেওঁলোকৰ দক্ষতাক নিখুঁত কৰিবলৈ, আৰু তেওঁলোকক নতুন উচ্চতালৈ লৈ যাবলৈ আগ্ৰহী। এই নিযুক্তি আগন্তুক খেলুৱৈ নিলাম আৰু ছিজনৰ পূৰ্বে কৌশলগত বিশেষজ্ঞতাৰে দলৰ মূল ইউনিটক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
हिन्दुस्थान समाचार / অৰৱিন্দ