দ্বিতীয়খন এদিনীয়া খেলত অষ্ট্ৰেলিয়াৰ ভাৰতক দুটা উইকেটত পৰাস্ত, শৃংখলাত ২-০ত অপ্ৰতিৰোধ্য অগ্ৰগতি
এডিলেইড, ২৩ অক্টোবৰ (হি.স.)। মিডল অৰ্ডাৰ বেটিঙৰ ওপৰত নিৰ্ভৰ কৰি অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে দ্বিতীয়খন এদিনীয়াত ভাৰতক দুটা উইকেটত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ২-০ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। বিগ বেছৰ ঘৰুৱা খেলপথাৰত মেট শ্বৰ্টে ৭৪ ৰান স
अर्धशतक लगाने के बाद मैट शॉर्ट


এডিলেইড, ২৩ অক্টোবৰ (হি.স.)। মিডল অৰ্ডাৰ বেটিঙৰ ওপৰত নিৰ্ভৰ কৰি অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে দ্বিতীয়খন এদিনীয়াত ভাৰতক দুটা উইকেটত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ২-০ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে।

বিগ বেছৰ ঘৰুৱা খেলপথাৰত মেট শ্বৰ্টে ৭৪ ৰান সংগ্ৰহ কৰি সুন্দৰ বেটিং কৰাৰ বিপৰীতে কুপাৰ কনলিয়ে (৬১ নট আউট) এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো অৰ্ধশতক সংগ্ৰহ কৰি দলটোক জয়ৰ দিশত আগুৱাই লৈ যায়। মিচেল ওৱেনেও ত্বৰিত ৩৬ ৰান কৰি লক্ষ্য সহজ কৰি তুলিছিল।

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ভাৰতে ৫০ অভাৰত ৯ উইকেটত ২৬৪ ৰান সংগ্ৰহ কৰে। ৰোহিত শৰ্মাই ৭৩ আৰু শ্ৰেয়াছ আয়েৰে ৬১ ৰান সংগ্ৰহ কৰে। অৱশ্যে জেভিয়াৰ বাৰ্টলেটে (৩/৩৯) সুন্দৰ বলিং কৰি একেটা অভাৰতে দুটা উইকেট দখল কৰে, য’ত বিৰাট কোহলীক শূণ্যত আউট কৰা হৈছিল। ইয়াৰ পিছতে এডাম জাম্পাই (৪/৬০) ভাৰতীয় মধ্যম শ্ৰেণীৰ জোকাৰণি তুলিলে। হৰ্ষিত ৰাণা আৰু আৰ্শদীপ সিঙৰ অংশীদাৰিত্বই দলটোক সন্মানজনক মুঠ লাভ কৰাত সহায় কৰিছিল।

লক্ষ্য অনুসৰণ কৰাৰ সময়ত অষ্ট্ৰেলিয়াও মাজত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। ২৭ অভাৰত ১৩২ ৰানত চাৰিটা উইকেট হেৰুৱাই ভাৰতে খেলখন ৰোমাঞ্চকৰ কৰি তুলিছিল যদিও শ্বৰ্ট, কনলি, ওৱেনে সংযমেৰে বেটিং কৰি দলটোক জয়ৰ দিশত আগুৱাই লৈ যায় যদিও শেষত কিছু উইকেট দ্ৰুতগতিত কমি যায়।

শনিবাৰে ছিডনীত অনুষ্ঠিত হ’ব এই শৃংখলাৰ তৃতীয় আৰু অন্তিমখন এদিনীয়া। ইয়াৰ পিছতে দুয়োটা দলৰ মাজত পাঁচখন খেলৰ টি-২০ শৃংখলা অনুষ্ঠিত হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande