
নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ঘোষণা কৰিছে যে এইবাৰ দিল্লীত বিজেপি চৰকাৰে ছঠ পূজাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি এইবাৰ ভৱ্য় ৰূপত ছঠ উৎসৱ পালন কৰিব।
বুধবাৰে দিল্লী সচিবালয়ত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যমুনা নদীৰ প্ৰৱেশ পইণ্ট পল্লা গাঁৱৰ পৰা কালিন্দি কুঞ্জলৈকে ১৭টা স্থানত আদৰ্শ ছঠ ঘাট নিৰ্মাণ কৰি আছে। যোৱাবাৰ ৯২৯টা স্থানত থকাৰ বিপৰীতে মহানগৰীৰ ভিতৰতে ছঠৰ অনুষ্ঠানৰ বাবে চৰকাৰে ১০০০ৰো অধিক আবেদন লাভ কৰিছে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ১৭টা আদৰ্শ ছঠ ঘাটৰ উপৰিও দিল্লী চৰকাৰে আবেদন লাভ কৰা সকলো ছঠ অনুষ্ঠানৰ বাবে সকলো প্ৰয়োজনীয় সা-সুবিধা (তম্বু, বিদ্যুৎ, অনাময়, আৰু শৌচাগাৰ) প্ৰদান কৰিব। প্ৰতিখন জিলা আৰু মহকুমাতে নিৰ্মাণ হ’ব এটা আদৰ্শ ছথ ঘাট। তেওঁ লগতে কয় যে সমগ্ৰ দিল্লীতে ছঠ ভক্তসকলৰ বাবে গ্ৰেণ্ড ৱেলকাম গেট নিৰ্মাণ কৰা হ’ব। ফুলৰ বৰষুণেৰে আদৰণি জনোৱা হ’ব। ছঠৰ সময়ত ভোজপুৰী আৰু মেথিলি ভাষাতো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব।
মুখ্যমন্ত্রী শৰ্মাই উল্লেখ কৰে যে দিল্লী চৰকাৰে যমুনাৰ বিশুদ্ধ পানীত থিয় হৈ পূজা কৰিবৰ বাবে সকলো প্রচেষ্টা চলাই আছে৷ চৰকাৰে নিশ্চিত কৰিছে যে সকলো ছঠ অনুষ্ঠান যাতে কোনো বাধা নোহোৱাকৈ সম্পন্ন হয়। আজিৰ পৰা আৰম্ভ হৈছে এক বিশেষ স্বচ্ছতা অভিযান। সকলো সাংসদ, বিধায়ক, কাউন্সিলাৰে নিজ নিজ অঞ্চলৰ ছঠ ঘাটত বিশেষ স্বচ্ছতা অভিযান চলাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া