কাঠমাণ্ডু, ২২ অক্টোবৰ (হি.স.)। প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলিৰ দলৰ এগৰাকী ঘনিষ্ঠ কৰ্মীক প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা ভাণ্ডাৰীৰ ঘৰত অগ্নিসংযোগৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে । জেন জি প্ৰতিবাদৰ সময়ত অন্যান্য নেতাৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিগত বাসগৃহত জুই লগাই দিয়া হয়। ঘটনাৰ সময়ত ঘৰত উপস্থিত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।
ধৃত ব্যক্তিজনৰ নাম সোণম থেবে, সম্প্ৰতি কাঠমাণ্ডুৰ ধুম্বাৰহীত বাস কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, ব্যক্তিজন অলিৰ দলৰ যুৱ শাখা যুৱ সংঘৰ সক্ৰিয় সদস্য।
কাঠমাণ্ডু আৰক্ষীৰ মুখপাত্ৰ এছ পি পৱন ভট্টৰাইৰ মতে, সোমবাৰে মহাৰাজগঞ্জ অঞ্চলত থেবেক গ্ৰেপ্তাৰ কৰা হয়। সম্প্ৰতি তেওঁক জিলা আৰক্ষী থানাত ৰখা হৈছে আৰু ছঠৰ পিছত আদালতৰ কাম-কাজ আৰম্ভ হ’লে তেওঁক ৰিমাণ্ডত ৰখা হ’ব।
আৰক্ষী অধীক্ষক ভট্টৰাইয়ে উল্লেখ কৰে যে প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে প্ৰাক্তন ৰাষ্ট্ৰপতি ভাণ্ডাৰীৰ ঘৰত অগ্নিসংযোগত থেবে অগ্ৰণী ভূমিকা লৈছিল। তেওঁ লগতে কয় যে থেবেৰ অপৰাধমূলক পটভূমি আছে আৰু অধিক তদন্ত চলি আছে।
ভট্টৰাইয়েও নিশ্চিত কৰে যে তেওঁ পূৰ্বে চিপিএন-ইউএমএল দলৰ সৈতে জড়িত আছিল আৰু দলীয় অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ৰাজহুৱা অপৰাধ, লণ্ড-ভণ্ড, অগ্নিসংযোগৰ অভিযোগত তেওঁৰ বিৰুদ্ধে তদন্ত চলি আছে।
থেবেৰ বিৰুদ্ধে ধুমবৰাহী অঞ্চলৰ হোটেল মালিক, ব্যৱসায়ী, মাটিৰ দালালৰ পৰাও ভাবুকিৰ জৰিয়তে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ।
ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে বিদ্যা ভাণ্ডাৰীয়ে অলিৰ দলৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অলিৰ পৰামৰ্শ মতে ভাণ্ডাৰীক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হয়। বিদ্যা ভাণ্ডাৰীয়ে একেৰাহে দুটা কাৰ্যকাল নেপালৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত এতিয়া তেওঁ চিপিএন-ইউএমএলৰ ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত কেপি অলিৰ সৈতে মুকলি মতানৈক্যৰ সৃষ্টি হৈছে। অলিয়ে বিদ্যা ভাণ্ডাৰীৰ দলত যোগদানৰ সিদ্ধান্ত বাতিল কৰি পুনৰ ৰাজনীতিত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ