
ইটানগৰ, ২২ অক্টোবৰ (হি.স.)। অৰুণাচল প্ৰদেশৰ নামছাই জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে এজন আলফা স্বাধীনৰ কেডাৰ।
২১ অক্টোবৰৰ নিশা সেনা আৰু আছাম ৰাইফলছৰ জোৱানে নামছাইৰ এম এছ ৬ অঞ্চলৰ সমীপত প্ৰায় সাতজনীয়া আলফা (আই) উগ্ৰপন্থীৰ এটা দলৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।
আজি গুৱাহাটীত সেনা পি আৰ অ’ই জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা হৈছে যে এই উগ্ৰপন্থী সংগঠনটো শেহতীয়াকৈ অসমৰ কাকপথাৰ সেনা শিবিৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে। ইফালে সেনাৰে সংঘৰ্ষত নিহত কেডাৰ জন ইৱান অসম, যাক কন্টি অসম আৰু অভিকেশ্বৰ মৰাণ নামেৰেও পৰিচিত বুলি জানিব পৰা গৈছে।
এই এনকাউণ্টাৰৰ পিছত সৈন্যই নিহত উগ্ৰপন্থীজনৰ পৰা এটা এইচ কে ৰাইফল, এটা হেণ্ড গ্ৰেনেড আৰু এটা বেগ উদ্ধাৰ কৰে। এনকাউণ্টাৰৰ সময়ত আলফা (আই)ৰ আন সদস্যসকলে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়।
পলায়ন কৰা আন উগ্ৰপন্থীসমূহক বিচাৰি নিৰাপত্তাৰক্ষী বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ