
- সেনা প্ৰধানৰ উপস্থিতিত সন্মানীয় পদবীৰ জিলিকি থকা চিহ্ন আনুষ্ঠানিকভাৱে প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী
নতুন দিল্লী, ২২ অক্টোবৰ (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ উপস্থিতিত অলিম্পিক পদক বিজয়ী জেভেলিন নিক্ষেপকাৰী নীৰজ চোপ্ৰাক ভাৰতীয় সেনাত লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰা হয়। লেফটেনেণ্ট কৰ্ণেল (মান্য) নীৰজ চোপ্ৰা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁক ভাৰতীয় অধ্যৱসায়, দেশপ্ৰেম, আৰু উৎকৃষ্টতাৰ বাবে চেষ্টা কৰা মনোভাৱৰ মূৰ্ত ৰূপ বুলি অভিহিত কৰে।
বুধবাৰে চাউথ ব্লকত অনুষ্ঠিত পিপিং অনুষ্ঠানৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টেৰিটৰিয়েল আৰ্মীৰ লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবীৰ জিলিকি থকা চিহ্ন আনুষ্ঠানিকভাৱে জেভেলিন খেলুৱৈ তথা দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাক প্ৰদান কৰে। ৰাজনাথ সিঙে কয় যে নীৰজ চোপ্ৰাই অনুশাসন, নিষ্ঠা, আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ উচ্চতম আদৰ্শক মূৰ্ত কৰি তুলিছে। ক্ৰীড়া জগত আৰু সশস্ত্ৰ বাহিনী উভয়ৰে বাবে তেওঁ এক প্ৰেৰণা। এই উপলক্ষে ভাৰতীয় সেনা আৰু টেৰিটৰিয়েল সেনাৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল দ্বিবেদী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
১৯৯৭ চনৰ ২৪ ডিচেম্বৰত হাৰিয়ানাৰ পানীপথ জিলাৰ খণ্ড্ৰা গাঁৱত জন্মগ্ৰহণ কৰা নীৰজ চোপ্ৰাই আন্তঃৰাষ্ট্ৰীয় এথলেটিকছৰ উল্লেখযোগ্য কৃতিত্বৰ জৰিয়তে ৰাষ্ট্ৰ আৰু সশস্ত্ৰ বাহিনীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ ২০১৬ চনত ভাৰতীয় সেনাবাহিনীত ভৰ্তি হৈ ৰাজপুতনা ৰাইফলছত সেৱা আগবঢ়াইছিল। ষ্টাৰ জেভেলিন থ্ৰ’ৱাৰগৰাকীয়ে ২০২০ চনৰ টকিঅ’ অলিম্পিকত ট্ৰেক এণ্ড ফিল্ডত অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰে। ২০২৪ চনৰ পেৰিছ অলিম্পিকত ৰূপৰ পদক আৰু ২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি তেওঁ নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখিছিল। এছিয়ান গেমছ, কমনৱেলথ গেমছ, ডাইমণ্ড লীগ ইভেণ্টতো কেইবাটাও সোণৰ পদক লাভ কৰিছে। তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ নিক্ষেপ ৯০.২৩ মিটাৰ (২০২৫) ভাৰতীয় ক্ৰীড়া ইতিহাসৰ এক মাইলৰ খুঁটি।
তেওঁৰ অসাধাৰণ কৃতিত্ব আৰু ৰাষ্ট্ৰলৈ আগবঢ়োৱা আদৰ্শ সেৱাৰ স্বীকৃতি স্বৰূপে চলিত বৰ্ষৰ ১৬ এপ্ৰিলত লেফটেনেণ্ট কৰ্ণেল (সন্মানীয়) নীৰজ চোপ্ৰাক টেৰিটৰিয়েল আৰ্মীত সন্মানীয় কমিচন প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ পূৰ্বে তেওঁক পদ্মশ্ৰী, মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা, অৰ্জুন বঁটা, পৰম বিশিষ্ট সেৱা পদক আৰু বিষিষ্ঠ সেৱা পদক প্ৰদান কৰি সন্মানিত কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া