আমেৰিকাৰ হোৱাইট হাউছৰ সমীপৰ সুৰক্ষা বেহুত গাড়ী চলোৱাৰ অপৰাধত এজনক গ্ৰেপ্তাৰ
ৱাশ্বিংটন, ২২ অক্টোবৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হোৱাইট হাউছৰ সমীপৰ নিৰাপত্তা বেহুৰ গেটৰ মাজেৰে গাড়ী চলোৱা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা। আমেৰিকাৰ গোপন সেৱাৰ বিষয়াসকলে এই কাণ্ডৰ তদন্ত কৰি আছে। হোৱা
यह घटना दक्षिण-पश्चिम में 17वीं और ई स्ट्रीट स्थित सुरक्षा द्वार पर हुई। फोटो- इंटरनेट मीडिया


ৱাশ্বিংটন, ২২ অক্টোবৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হোৱাইট হাউছৰ সমীপৰ নিৰাপত্তা বেহুৰ গেটৰ মাজেৰে গাড়ী চলোৱা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা। আমেৰিকাৰ গোপন সেৱাৰ বিষয়াসকলে এই কাণ্ডৰ তদন্ত কৰি আছে। হোৱাইট হাউছৰ দক্ষিণ-পশ্চিমে ১৭ নং আৰু ই ষ্ট্ৰীটত অৱস্থিত নিৰাপত্তাৰক্ষীৰ গেটত সংঘটিত হোৱা এই কাণ্ডত নিৰাপত্তাৰক্ষীসকল স্তম্ভিত হৈ পৰিছে।

এবিচি নিউজৰ এক প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ গোপন সেৱাই জনোৱা মতে, মঙলবাৰে নিশা হোৱাইট হাউছৰ ওচৰৰ নিৰাপত্তাৰক্ষীৰ গেটৰ মাজেৰে নিজৰ গাড়ীখন খুন্দা মৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰায় ১০:৩৭ বজাত সংঘটিত হয় এই ঘটনা। হোৱাইট হাউছৰ দক্ষিণ-পশ্চিমে ১৭ আৰু ই ষ্ট্ৰীটত অৱস্থিত এখন নিৰাপত্তাৰক্ষীৰ গেটত।

ছিক্ৰেট চাৰ্ভিচে এক বিবৃতিত কয় যে, আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিচৰ বিষয়াসকলে পলম নকৰাকৈয়ে সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰে। ছিক্ৰেট চাৰ্ভিচ আৰু মেট্ৰ'পলিটান আৰক্ষী বিভাগে গাড়ীখনৰ তদন্ত কৰি নিৰাপদ বুলি ধৰা পেলায়। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত অতিৰিক্ত তথ্য প্ৰকাশ কৰা হ'ব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande