অন্নকুট উৎসৱৰ দিনা বুধবাৰৰ পৰা বন্ধ থাকিব গংগোত্ৰী ধামৰ দুৱাৰ
এই পৰ্যন্ত ১,৪০১,২১৮ গৰাকী তীৰ্থযাত্ৰী গংগোত্ৰী আৰু যমুনোত্ৰী থান পৰিদৰ্শন উত্তৰকাশী, ২১ অক্টোবৰ (হি.স.)। উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ শীতকালীন দুৱাৰ বন্ধ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এইবাৰ ২২ অক্টোবৰৰ পুৱা ১১:৩৬ বজাত, অন্নকূট উৎসৱৰ পৰা গংগোত্ৰী
गंगोत्री - यमुनोत्री धाम की  अभीतक 1401218 श्रद्धालुओं ने किए दर्शन


कपाट बंद होने से पहले सैकड़ों दीप से सजाया गया गंगोत्री मंदिर


এই পৰ্যন্ত ১,৪০১,২১৮ গৰাকী তীৰ্থযাত্ৰী গংগোত্ৰী আৰু যমুনোত্ৰী থান পৰিদৰ্শন

উত্তৰকাশী, ২১ অক্টোবৰ (হি.স.)। উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ শীতকালীন দুৱাৰ বন্ধ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এইবাৰ ২২ অক্টোবৰৰ পুৱা ১১:৩৬ বজাত, অন্নকূট উৎসৱৰ পৰা গংগোত্ৰী মন্দিৰৰ দুৱাৰ বন্ধ হ’ব। এইবাৰ বিগত বছৰৰ তুলনাত গংগোত্ৰী আৰু যমুনোত্ৰী মন্দিৰলৈ অহা তীৰ্থযাত্ৰী যথেষ্ট কম। এই পৰ্যন্ত ১,৪০১,২১৮ জন ভক্তই দুয়োটা মন্দিৰ দৰ্শন কৰিছে।

নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি অহা ২৩ অক্টোবৰত ভাতৃ দ্বিতীয়াৰ দিনা যমুনোত্ৰী ধামৰ দুৱাৰ ১২:৩০ বজাত আৰু কেদাৰনাথৰ দুৱাৰ ৮:৩০ বজাত বন্ধ হ’ব। ইফালে ২৫ নৱেম্বৰত ভাৰত আৰু বিদেশৰ ভক্তসকলৰ বাবে বদ্ৰীনাথ ধামৰ দুৱাৰ বন্ধ কৰা হ’ব। এইবাৰ ৬,৪৪,২০৮ গৰাকী ভক্তই যমুনোত্ৰি ধাম ভ্ৰমণ কৰাৰ লগতে ৭,৫৭,০১০ গৰাকী ভক্তই গংগোত্ৰী ধাম দৰ্শন কৰি পূণ্য অৰ্জন কৰিছে।

লক্ষণীয় যে এইবাৰ এই দুৰ্যোগৰ বাবে চাৰিধাম যাত্ৰা প্ৰভাৱিত হৈছে। গংগোত্ৰী মন্দিৰ সমিতিৰ সম্পাদক সুৰেশ ছেমৱালে গংগোত্ৰী ধামৰ দুৱাৰ বন্ধ কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে। ইয়াৰ পিছত ভক্তসকলে শীতকালত ছমাহৰ বাবে মুখবাত মাতৃ গংগা আৰু খাৰছালীত মাতৃ যমুনাৰ দৰ্শন কৰিব পাৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande