চৰাইদেউ, ২১ অক্টোবৰ (হি.স.)। সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ চৰাইদেউৰ সাপেখাটিৰ পৰা পদযাত্ৰা দুগৰাকী জুবিন অনুৰাগী যুৱকৰ। পিঠিত জুবিন গাৰ্গৰ ছবি সহ ন্যায়ৰ দাবী লিখি এই পদযাত্ৰা কৰা যুৱকদ্বয়ৰ নাম বিতোপন গগৈ আৰু শান্তনু চেতিয়া । কালি দিনৰ ভাগত উক্ত পদ যাত্ৰা আৰম্ভ কৰি আজি শিৱসাগৰ পাৰ হৈ গৈছে তেওঁলোক।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ক্ষীপ্ৰ গতিত উচিত তদন্তৰ লগতে দোষীক ফাঁচীৰ দাবী বিতোপন-শান্তনুৰ । প্ৰায় ৪৪৫ কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি গৈ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰিয় শিল্পী গৰাকীৰ প্ৰতি জনাব শ্ৰদ্ধাঞ্জলি। ইতিমধ্য়ে অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্য়ুৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতো সোণাপুৰ স্থিত জুবিন ক্ষেত্ৰত দৈনিক অনুৰাগীৰ ভীৰ পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা