মৰিগাঁও, ২১ অক্টোবৰ (হি.স)। দীপাৱলীৰ পিছত আন আন বছৰৰ দৰে এইবেলিও বন্য়হস্তীৰ খাদ্য়ৰ বাবে আগবাঢ়ি আহিছে মৰিগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন সহায় অসম। বিগত ২২টিকৈ বৰ্ষত মৰিগাঁও জিলাৰ সহায় অসম নামৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন আমচৈ বনাঞ্চলত বনৰীয়া হাতীৰ বাবে যোগান ধৰি আহিছে দীপাৱলীত ব্যৱহাৰ কৰা কলগছ।
ইয়াৰ সমান্তৰালকৈ সহায় অসম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়া সকলে বছৰ বছৰ ধৰি পদপথৰ বাসিন্দা সকলক দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ দৰেই সৎকাৰ কৰি আহিছে গৰাকী বিহীন বহু মৃতদেহ। আনহাতে আৰ্থিক দূৰৱস্থাৰ বাবে সামাজিক দায়বদ্ধতাৰে বিবাহ সম্পন্ন কৰিব নোৱাৰা প্ৰায় তিনি সহস্ৰাধিক দম্পতীক পাতি দিছে সমূহীয়া বিবাহ অনুষ্ঠান। ইফালে দীপাৱলীৰ পিছত আজি পুৱাৰে পৰা দ্বীপান্বিতাত ব্যৱহাৰ কৰা কলগছ সমূহ দোকান পোহাৰ আৰু ঘৰে ঘৰে সংগ্ৰহ কৰি স্বচ্ছতাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এইদৰে সংগ্ৰহ কৰা এই কলগছসমূহ আমচৈ বনাঞ্চলত বনৰীয়া হাতীৰ বাবে যোগান ধৰি অহা হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar