
গুৱাহাটী, ২১ অক্টোবৰ (হি.স.)। ছিংগাপুৰত অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ যোৱা অসম আৰক্ষীৰ দুজনীয়া এছআইটিৰ দলে আজি ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হয়। এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু সদস্য তৰুণ গোৱেলৰ সৈতে প্ৰায় আঢ়ৈ ঘন্টা জোৰা ৰূদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল ছিংগাপুৰ আৰক্ষীৰ এটা পাঁচজনীয়া দল। ছিংগাপুৰ আৰক্ষীয়ে ১৯ ডিছেম্বৰত কৰোণাৰক দাখিল কৰিব নিজাববীয়া তদন্তৰ প্ৰতিবেদন।
জানিব পৰামতে, বৈঠকত এছআইটিক তদন্তৰ ক্ষেত্ৰত পুৰ্ণ সহয়োগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে ছিংগাপুৰ আৰক্ষীৰ বিষয়াৰ দলে। ছিংগাপুৰৰ সাগৰৰ মাজত দ্বীপৰ জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলী, জুবিন গাৰ্গ আৰু তেওৰ সতীৰ্থ সকলে আশ্ৰয় গ্ৰহণ কৰা হোটেল পেন পেচিফিক সহ বিভিন্ন স্থান পৰিদৰ্শন কৰে এছআইটিৰ দলে। ইফালে এছআইটিৰ দলে হোটেল পেন পেচিফিকৰ মেনেজাৰ আৰু ছিংগাপুৰৰ বাসিন্দা ৱাজিড আহমেদৰ ভাষ্য় গ্ৰহণ কৰাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে।
উল্লেখ্য় যে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ মৃত্যু হৈছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লোকে জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে এজাহাৰ দাখিল কৰিছিল । পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা হৈছিল এছআইটি ।
পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৭গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল এছআইটি –এ। লগতে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াকে ধৰি জুবিন গাৰ্গৰ কেইবাগৰাকীও বন্ধুবৰ্গ আৰু আত্মীয়ৰ পৰাও ভাষ্য গ্ৰহণ কৰিছে এছআইটিয়ে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ