দৰং, ২১ অক্টোবৰ (হি.স.)। মঙলদৈত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইত জাহ গ'ল দুখনকৈ ঘৰ। মঙলদৈ প্ৰফুল্ল নগৰত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। নিমিষতে জুইত জাহ গ'ল সত্যৱতী কলিতা আৰু পুষ্ট মণ্ডলৰ দুখনকৈ ঘৰ। জুইত জাহ গ'ল বহু লক্ষাধিক টকাৰ সা– সম্পত্তি। জুইৰ উৎপত্তিৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই যদিও পুষ্ট মণ্ডলৰ ঘৰৰ পৰা জুইৰ উৎপত্তি হৈ পৰৱৰ্তী সময়ত গেছৰ ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি অগ্নিকাণ্ড বিয়পি পৰে।
অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে মঙলদৈ স্থিত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত খবৰ প্ৰেৰণ কৰা হই যদিও বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ পানীৰ গাড়ী উপস্থিত হয়। মঙলদৈ অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন কৈ গাড়ী আৰু ওচৰ চুবুৰীয়াৰ সহযোগত জুই নিৰ্বাপিত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা