ধুবুৰী, ২১ অক্টোবৰ (হি.স.)। দিপাৱলীৰ নিশা ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড। ধুবুৰী বজাৰৰ হকাৰ মাৰ্কেটত নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় অগ্নিকাণ্ড। প্ৰায় ১৪ খন কৈ দোকান নিমিষতে জ্বলি ছাই হৈ যায় উক্ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটোত। ভিতৰত কাপোৰৰ দোকান, বেগৰ দোকান আৰু আতচবাজিৰ দোকানো সম্পূৰ্ণৰূপে জ্বলি ছাই হয় এই অগ্নিকাণ্ডত।
ঘটনাস্থলিত উপস্থিত হয় ধুবুৰী জিলা প্ৰশাসন, আৰক্ষী আৰু ধুবুৰী পৌৰ সভাৰ লোক। কোনো ব্যক্তি উক্ত অগ্নিকাণ্ডৰ ঘটনাটোত হতাহত হোৱা নাই যদিওঁ প্ৰায় ৫০ ৰ পৰা ৭০ লক্ষাধিক টকাৰ বয় বস্তু জ্বলি ছাই হয় উক্ত ভয়ংকৰ অগ্নিকাণ্ডত। কাষৰ দুটাকৈ বিল্ডিংতো বিয়পি পৰিছিল জুই,নিশা সৃষ্টি হৈছিল এক ভয়ংকৰ পৰিবেশৰ। ধুবুৰী চহৰ স্থিত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি অৱশেষত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা