কাঠমাণ্ডু, ১৮ অক্টোবৰ (হি.স.)। নেপালৰ কাঠমাণ্ডু জিলা প্ৰশাসনে পুনৰবাৰ কাঠমাণ্ডুৰ স্পৰ্শকাতৰ অঞ্চলত সান্ধ্য আইন জাৰি কৰিছে। শনিবাৰৰ পৰা দুমাহ ধৰি ৰাজধানীৰ বিভিন্ন স্থানত যিকোনো ধৰণৰ প্ৰতিবাদ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
কাঠমাণ্ডুৰ মুখ্য জিলা দণ্ডাধীশ ঈশ্বৰ ৰাজ পৌডেলে জাৰি কৰা জাননী অনুসৰি কাঠমাণ্ডুৰ পাঁচটা স্পৰ্শকাতৰ অঞ্চলৰ আশে-পাশে ১৮ অক্টোবৰৰ পৰা ১৮ ডিচেম্বৰলৈ সান্ধ্য আইন জাৰি কৰা হৈছে । এই তথ্য অনুসৰি নিষেধাজ্ঞা আদেশৰ অধীনত কোনো ৰাজনৈতিক দল, সংগঠন বা কোনো গোট বা ব্যক্তিক সভা, সন্মিলন, ধৰ্ণা, বিক্ষোভ, শোভাযাত্ৰা, সমাৱেশ, শ্লোগান আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
কাঠমাণ্ডু জিলা প্ৰশাসনে ৰাজধানীৰ ৰাষ্ট্ৰপতি ভৱন, উপ-ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ বাসগৃহ, সিংহ দৰবাৰ অঞ্চল, আৰু ৰাজধানীৰ নাৰায়ণহিটি ৰাজ দৰবাৰৰ আশে-পাশে থকা অঞ্চলত সান্ধ্য আইন জাৰি কৰিছে।
ৰাষ্ট্ৰপতি ভৱন আৰু কাষৰীয়া আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ আশে-পাশে থকা পথসমূহো নিষিদ্ধ স্থান হিচাপে ঘোষণা কৰা হৈছে। একেদৰে উপ-ৰাষ্ট্ৰপতি প্ৰাসাদৰ পৰা কাষতে অৱস্থিত ভাৰতীয় দূতাবাসলৈকে এই অঞ্চলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
একেদৰে সিংহ দৰবাৰ, উচ্চতম ন্যায়ালয়, এটৰ্নী জেনেৰেলৰ কাৰ্যালয়, কাঠমাণ্ডু আৰক্ষী মুখ্য কাৰ্যালয়, সেনা মুখ্য কাৰ্যালয়ৰ আশে-পাশে নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰয়েল ক’ৰ্টৰ আশে-পাশে থকা অঞ্চলটোক নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া