টেল আভিভ, ১৮ অক্টোবৰ (হি.স.)। ইজৰাইলৰ সামৰিক বিষয়াসকলে আজি পুৱা গাজাপট্টীৰ পৰা আন এজন পণবন্দীৰ অৱশিষ্ট থকা কফিনটো লৈ ইয়ালৈ উপস্থিত হয়। শুকুৰবাৰে গভীৰ নিশা হামাছে ৰেড ক্ৰছক গতাই দিয়ে কফিনটো। ইয়াৰ পিছতে ৰেড ক্ৰছৰ বিষয়াসকলে কফিনটো লৈ গাজা-ইজৰাইল সীমান্তত উপস্থিত হৈ ইজৰাইল প্ৰতিৰক্ষা বাহিনী (আইডিএফ)ৰ বিষয়াসকলক গতাই দিয়ে। কফিনটো টেল আভিভৰ আবু কাবিৰ ফৰেনছিক ইনষ্টিটিউটলৈ লৈ যোৱা হয়।
দ্য টাইমছ অৱ ইজৰাইলৰ এক বাতৰি অনুসৰি আইডিএফে কফিনত সামৰিক আৰু ৰাষ্ট্ৰীয় সন্মানেৰে ইজৰাইলৰ পতাকা মেৰিয়াই লৈ লগে লগে ইজৰাইললৈ ৰাওনা হয়। ইয়াৰ পূৰ্বে পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে মৃত সকলো পণবন্দীক ঘূৰাই দিয়াৰ কথা উল্লেখ কৰিছিল। হামাছে উল্লেখ কৰিছিল যে ধ্বংসাৱশেষত আৰু অধিক মৃতদেহ পুতি থোৱা হ’ব পাৰে আৰু সেইবোৰ বিচাৰি উলিয়াবলৈ সময় লাগিব। আজি গতাই দিয়া মৃতদেহটো যদি ইজৰাইলী পণবন্দী বুলি চিনাক্ত কৰা হয় তেন্তে আৰু ১৮ জন পণবন্দী ঘূৰাই অনাৰ বাকী থাকিব। যুদ্ধবিৰতি চুক্তিত হামাছে ২৮টা মৃতদেহ ঘূৰাই দিবলৈ সন্মত হৈছিল।
আইডিএফে জনোৱা মতে, ৰেড ক্ৰছে দক্ষিণ গাজাৰ খান ইউনিছৰ হামাছৰ পৰা এই কফিনটো গ্ৰহণ কৰে। শুকুৰবাৰে পুৱাৰে পৰা ফুটেজ আৰু ফটোত দেখা গৈছে যে হামাছ উগ্ৰপন্থীয়ে হামাদ টাউন আৱাসিক এলেকাত খান্দি আছে। আনকি আৰব সংবাদ মাধ্যমে এজন পণবন্দীৰ নামো উল্লেখ কৰিছে, যাৰ মৃতদেহ সম্ভৱতঃ অঞ্চলটোৰ এটা সুৰংগত পুতি থোৱা হৈছিল।
আমেৰিকাৰ চিবিএছ নিউজ চেনেলৰ এক প্ৰতিবেদন অনুসৰি আইডিএফে শনিবাৰে পুৱা এক্স-পোষ্টত পণবন্দীসকলৰ পৰিয়ালক চৰকাৰী চিনাক্তকৰণৰ বাবে অপেক্ষা কৰিবলৈ আহ্বান জনায়। শুকুৰবাৰে সন্ধিয়া আইডিএফে এটা পোষ্টত কয় যে ৰেড ক্ৰছে দক্ষিণ গাজা ষ্ট্ৰিপৰ এটা মিটিং পইণ্টলৈ গৈ আছে, য’ত মৃত পণবন্দী এজনৰ কফিন গতাই দিয়া হ’ব। হামাছৰ সশস্ত্ৰ শাখা আল কাছাম ব্ৰিগেডে শুকুৰবাৰে মৃতদেহটো গতাই দিয়াৰ কথা জানিবলৈ দিয়ে।
বুধবাৰে হামাছে গাজাত ৰখা সকলো ইজৰাইলী পণবন্দী লোকৰ মৃতদেহ গতাই দিয়া বুলি কোৱাৰ পিছতে এই ঘোষণা কৰা হৈছে। গাজাৰ শান্তি পৰিকল্পনাত হামাছক ১৩ অক্টোবৰৰ ভিতৰত বাকী থকা সকলো পণবন্দী (২০ জন জীৱিত আৰু ২৮ জন মৃত) গতাই দিবলৈ আহ্বান জনাইছে। যোৱা সপ্তাহত শান্তি পৰিকল্পনা কাৰ্যকৰী হোৱাৰ পিছৰে পৰা হামাছে ইজৰাইলী পণবন্দীসকলৰ অৱশিষ্ট গতাই দিয়াত পলম কৰাৰ অভিযোগ উত্থাপন হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ