ত্ৰিপুৰাত বাংলাদেশী নাগৰিকৰ মৃত্যুক লৈ ভাৰতে চুবুৰীয়া দেশক পৰামৰ্শ
নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। ত্ৰিপুৰাত সংঘটিত ঘটনাক লৈ ভাৰতে চুবুৰীয়া দেশ বাংলাদেশী নাগৰিকক সকীয়াই দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে চুবুৰীয়া দেশখনে আন্তঃৰাষ্ট্ৰীয় সীমান্তক সন্মান জনোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লা
मैप (Map)


নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। ত্ৰিপুৰাত সংঘটিত ঘটনাক লৈ ভাৰতে চুবুৰীয়া দেশ বাংলাদেশী নাগৰিকক সকীয়াই দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে চুবুৰীয়া দেশখনে আন্তঃৰাষ্ট্ৰীয় সীমান্তক সন্মান জনোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু প্ৰয়োজন হ’লে সীমা অতিক্ৰম কৰি হোৱা অপৰাধ আৰু চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ বেৰ দিয়াত সহায় কৰিব লাগে।

এম ই এৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনোৱা মতে, ১৫ অক্টোবৰত ভাৰতৰ ভূখণ্ডৰ ভিতৰত প্ৰায় ৩ কিলোমিটাৰ দূৰত্বত থকা ত্ৰিপুৰাত এক কাণ্ড সংঘটিত হৈছিল, য’ত তিনিজন বাংলাদেশী চোৰাংচোৱাক হত্যা কৰা হৈছিল। তিনিজনীয়া বাংলাদেশী অপৰাধীৰ এটা দলে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ ভাৰতৰ ভূখণ্ডৰ বিদ্যাবিল গাঁৱৰ পৰা গৰু চুৰিৰ চেষ্টা চলায়। স্থানীয় গাঁওবাসীক লোহাৰ ৰড আৰু কটাৰীৰে আক্ৰমণ কৰি আহত হোৱাৰ লগতে এজন গাঁওবাসীৰ মৃত্যু হয়। ইফালে আন গাঁওবাসীয়ে উপস্থিত হৈ আক্ৰমণকাৰীক প্ৰতিহত কৰে।

তথ্য লাভ কৰাৰ লগে লগে বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হয় আৰু দুজন চোৰাংচোৱাক মৃত অৱস্থাত উদ্ধাৰ কৰে। তৃতীয়জনৰ পিছদিনা চিকিৎসালয়ত মৃত্যু হয়। তিনিওজনৰ মৃতদেহ বাংলাদেশী পক্ষক গতাই দিয়া হৈছে। আৰক্ষীয়ে এটা গোচৰো ৰুজু কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande