প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে পানী নসৰকাকৈ নিৰ্দ্ধাৰিত সময়ৰ পূৰ্বে এখন অভিযোগ নামা দাখিল কৰক -দিলীপ শইকীয়া
গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে পানী নসৰকাকৈ নিৰ্ধাৰিত সময়ৰ পূৰ্বে এখন অভিযোগ নামা দাখিল কৰাৰ আহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি এক সং
সংবাদমেল সম্বোধন কৰি অসম বিজেপিৰ সভাপতি, ৰাজ্য চৰকাৰৰ মন্ত্ৰী আদি


গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে পানী নসৰকাকৈ নিৰ্ধাৰিত সময়ৰ পূৰ্বে এখন অভিযোগ নামা দাখিল কৰাৰ আহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি এক সংবাদমেলত কয় যে ৰাজ্য চৰকাৰৰ অনুৰোধক্ৰমে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আমাৰ আবেদন-জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিচাৰ প্রক্ৰিয়াটোক ক্ষীপ্ৰতৰ কৰিবলৈ ফাষ্টট্ৰেক আদালত গঠন কৰি দিয়ক।

তেওঁ কয় যে গোটেই তদন্ত প্রক্ৰিয়াত এজন সুদক্ষ অধিবক্তাক স্পেচিয়েল পাব্লিক প্ৰচিডিঅৰ হিচাপে নিয়োগ কৰিবলৈ অসম চৰকাৰলৈ আহ্বান জনায় শইকীয়াই।

ইফালে ৰাজ্যিক বিজেপিয়ে জুবিন গাৰ্গৰ এমহীয়া শ্ৰদ্ধাঞ্জলি কাৰ্য্যক্ৰমৰো আজি ঘোষণা কৰে। সেই মৰ্মে অহা ১৯ অক্টোবৰ তাৰিখে প্রয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰম ৰাজ্যখনৰ ৰাজ্যিক, জিলা, মণ্ডলৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত গাম্ভীৰ্য্যপূৰ্ণভাৱে আয়োজন কৰা হ’ব।

অহা ২২ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ প্রতিখন জিলা সদৰত প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰদান কৰিবলৈ “বিশাল জন সমদল” অনুষ্ঠিত কৰা হ’ব। অহা ২২ অক্টোবৰত এই বিশাল জন সমদল কাৰ্যসূচী নলবাৰী জিলাৰ পৰা আৰম্ভ হ’ব।

অহা ২৬ অক্টোবৰ তাৰিখে ৰাজ্যখনৰ ২৫,০০০ৰো অধিক বুথ/গাঁৱত প্রধানমন্ত্ৰীৰ মন-কী-বাত কাৰ্যসূচীৰ লগতে প্রয়াত প্রাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হ’ব। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰাণৰ পিল্পী জুবিন গাৰ্গ স্মৃতি যুগমীয়া কৰিবলৈ এজোপাকৈ নাহৰ গছ ৰোপন কৰাৰ লগতে প্রতিপালন কৰিব।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ দলৰ বিধায়ক আৰু সাংসদসকলে নিজৰ নিজৰ সমষ্টিত জুবিন গাৰ্গৰ একোটাকৈ প্ৰতিমূৰ্তি স্থাপন কৰিব। প্ৰতিখন জিলাত সৰ্বস্তৰৰ নিৰ্বাচিত বিজেপিৰ জনপ্রতিনিধিসকলৰ সহযোগত প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ একোখন সংগীত বিদ্যালয় স্থাপন কৰা হ’ব।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতি শ্ৰদ্ধা নিবেদন কৰিবলৈ দলৰ সাংসদ, বিধায়কসকলে নিজ সমষ্টিত একোখনকৈ প্রদৰ্শণীমূলক ফুটবল খেলৰ আয়োজন কৰিব ৷ প্ৰাণৰ শিল্পী গৰাকীৰ হৃদয় জুৰুৱা গীত পৰিবেশনেৰে ৫০০০ জুবিন অনুৰাগী দলীয় কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীসকলে সামূহিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব। অহা ১৮ নৱেম্বৰত প্রাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ পৰা আৰম্ভ কৰি ৩০ নৱেম্বৰৰ ভিতৰত সামূহিক গীত পৰিবেশনৰ কাৰ্যসূচী প্রতিখন জিলাত অনুষ্ঠিত কৰিব বুলিও শইকীয়াই জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande