নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। ভাৰতে উল্লেখ কৰিছে যে বিগত বা দুদিনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত কোনো ধৰণৰ টেলিফোনিক বাৰ্তালাপৰ বিষয়ে তেওঁ অজ্ঞাত। ৰাছিয়াৰ তেল ক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে আলোচনা কৰা বুলি দাবী কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
বৃহস্পতিবাৰে সাপ্তাহিক সংবাদমেলত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে। তেওঁ কয় যে মোৰ জ্ঞাত মতে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত কোনো কথা-বতৰা হোৱা নাছিল।
মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে ৯ অক্টোবৰত গাজা শান্তি চুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত এক বাৰ্তালাপ হৈছিল। ইয়াৰ মাজতে মোদীয়ে শান্তি চুক্তিৰ বাবে ট্ৰাম্পক অভিনন্দন জনায়। দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো আলোচনা কৰে।
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বক্তব্য আৰু ব্ৰিটেইনে ভাৰতীয় কোম্পানী এটাৰ ওপৰত নিষেধাজ্ঞা সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে দেশৰ গ্ৰাহকৰ স্বাৰ্থ, বজাৰৰ অৱস্থা, আৰু দেশৰ শক্তি সুৰক্ষা আমাৰ বাবে সৰ্বোচ্চ। তদুপৰি শক্তিৰ সুবিধাৰ ক্ষেত্ৰত কোনো ধৰণৰ দ্বৈত মানদণ্ড থাকিব নালাগে।
উল্লেখযোগ্য যে ভাৰত আৰু ৰাছিয়াৰ যৌথ মালিকানাধীন তেল কোম্পানী নায়াৰাৰ বিৰুদ্ধে ব্ৰিটেইনে নিষেধাজ্ঞা ঘোষণা কৰিছে। মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে যে ভাৰতে একপক্ষীয় নিষেধাজ্ঞাৰ বিৰোধিতা কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ