বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ তাৰকা প্ৰচাৰক তালিকা বৃহস্পতিবাৰে প্ৰকাশ কৰা হয়। এই তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি ৪০ জন নেতাৰ নাম সন্নিবিষ্ট কৰা হৈছে। তাৰকা প্ৰচাৰকসকলৰ ভিতৰত আছে অমি
भाजपा के स्टार प्रचारकों की सूची


নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ তাৰকা প্ৰচাৰক তালিকা বৃহস্পতিবাৰে প্ৰকাশ কৰা হয়। এই তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি ৪০ জন নেতাৰ নাম সন্নিবিষ্ট কৰা হৈছে।

তাৰকা প্ৰচাৰকসকলৰ ভিতৰত আছে অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নড্ডা, নীতিন গাডকাৰী, ধৰ্মেন্দ্ৰ প্ৰধান, সাধাৰণ সম্পাদক বিনোদ টাউডে, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে ভোজপুৰীৰ ছুপাৰষ্টাৰ পৱন সিং, ৰবি কিষাণ আৰু দীনেশ লাল যাদৱ ‘নিৰাহুৱা’ৰ দৰে বিশিষ্ট ব্যক্তি।

এই তালিকাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, আৰু স্মৃতি ইৰানীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যও আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande