গোলাঘাট বন সংমণ্ডলৰ অধীনৰ পাহাৰ লাইন বন শিৱিৰত উতপ্ত পৰিস্থিতি
গোলাঘাট, ১৫ অক্টোবৰ (হি.স.)। গোলাঘাট বন সংমণ্ডলৰ অধীনৰ জুৰীয়া দলঙ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পাহাৰ লাইন বন শিৱিৰত উতপ্ত পৰিস্থিতি । মঙ্গলবাৰৰ নিশা বনকৰ্মীৰ বন্দুকৰ গুলীত আহত হৈছিল দুজন লোক। স্থানীয় ৰাইজে হাতী খেদিবলৈ বোমা, ফটক
গোলাঘাট বন সংমণ্ডলৰ অধীনৰ পাহাৰ লাইন বন শিৱিৰত উতপ্ত পৰিস্থিতি


গোলাঘাট, ১৫ অক্টোবৰ (হি.স.)। গোলাঘাট বন সংমণ্ডলৰ অধীনৰ জুৰীয়া দলঙ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পাহাৰ লাইন বন শিৱিৰত উতপ্ত পৰিস্থিতি । মঙ্গলবাৰৰ নিশা বনকৰ্মীৰ বন্দুকৰ গুলীত আহত হৈছিল দুজন লোক। স্থানীয় ৰাইজে হাতী খেদিবলৈ বোমা, ফটকা ফুটোৱাক কেন্দ্ৰ কৰি ক্ষুন্ন হৈ সুৰাৰ ৰাগীত মাতাল অজয় টিমুং নামৰ এজন বনকৰ্মীয়ে গুলীচালনা কৰিছিল।

আহত হৈছিল জিহুদা ইন্দুৱাৰ আনহাতেদি বন্দুকৰ খুন্দাত প্ৰবীন ইন্দুৱাৰ নামৰ দুজন লোক। লোক দুজন বৰ্তমান গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আহত লোক দুজনক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী স্থানীয় ৰাইজে। উল্লেখযোগ্য যে পাহাৰ লাইন বন শিৱিৰত মদৰ বতলো দেখা পোৱা গৈছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande