কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীৰ সৈতে সংঘৰ্ষ বনবিভাগৰ,এজন নিহত
গোলাঘাট, ১৫ অক্টোবৰ (হি.স.)। অসমৰ বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু অস্ত্ৰধাৰী চোৰাংচিকাৰীৰ মাজত সংঘটিত সংঘৰ্ষত নিহত হয় এজন অবৈধ চোৰাং চিকাৰী। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এটা সন্দেহযুক্ত .৩০৩ ৰাইফল আৰু এটা হেণ্ডবেগ। কাজিৰঙা ৰাষ্ট
असमः काजीरंगा राष्ट्रीय उद्यान में मुठभेड़ में अवैध शिकारी मारा गया, मौके से रायफल एवं अन्य सामग्री बरामद


গোলাঘাট, ১৫ অক্টোবৰ (হি.স.)। অসমৰ বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু অস্ত্ৰধাৰী চোৰাংচিকাৰীৰ মাজত সংঘটিত সংঘৰ্ষত নিহত হয় এজন অবৈধ চোৰাং চিকাৰী। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এটা সন্দেহযুক্ত .৩০৩ ৰাইফল আৰু এটা হেণ্ডবেগ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সশস্ত্ৰ চোৰাংচিকাৰীৰ আহযাহ সন্দৰ্ভত চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পিছতে চোৰাং চিকাৰ বিৰোধী সকলো শিবিৰক সতৰ্কত ৰখা হৈছিল। বন বিভাগৰ অভিযানকাৰী দল সমূহক উদ্যান খনত তালাচী চলাবলৈ আৰু সকলো প্ৰস্থান পথ সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

বুঢ়াপাহাৰ ৰেঞ্জৰ এটা টহলদাৰী দলে বুধবাৰে পুৱা প্ৰায় ২:৫০ বজাত মাইটে দ্বীপৰ সমীপত সন্দেহজনক পোহৰ পৰ্যবেক্ষণ কৰে। তদন্তৰ অন্তত দলটোৱে অস্ত্ৰধাৰী চোৰাংচিকাৰীৰ দল এটাৰ গতিবিধি ধৰা পেলায়। পিছত চোৰাংচিকাৰীৰ দলটোক আত্মসমৰ্পন কৰিব কোৱাত চোৰাংচিকাৰীৰ দলটোৱে গুলীচালনা কৰে, বন বিভাগৰ অভিযানকাৰী দলটোৱে আত্মৰক্ষাৰ বাবে গুলীৰে প্ৰত্তুত্তৰ দিব লগা হয়।

পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত মুখ্য কাৰ্যালয়ৰ পৰা অহা অতিৰিক্ত শসস্ত্ৰ বন সুৰক্ষা দলৰ জোৱানে অঞ্চলটোৰ তন্ন তন্ন কৈ তালাচী চলায়। তালাচী কালত এজন অচিনাক্ত চোৰাংচিকাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে নিশ্চিত কৰিছে বন সুৰক্ষা দলৰ বিষয়াসকলে। নিহত চোৰাংচিকাৰী জনৰ আন সহযোগীক আটক কৰিবলৈ অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰা হৈছে।

ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী সমূহৰ ভিতৰত আছে এটা সন্দেহযুক্ত .৩০৩ ৰাইফল আৰু এটা হেণ্ডবেগ। উদ্যানৰ বিষয়া সকলে বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ কৰাৰ লগতে চোৰাং চিকাৰৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

हिन्दुस्थान समाचार / ৰমেন বৰ্মণ


 rajesh pande