নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। ভাৰত আৰু চৌদি আৰবে ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি, বিনিয়োগক প্ৰসাৰিত কৰা, আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ অন্বেষণ কৰাৰ সিদ্ধান্ত লৈছে। দুয়োপক্ষই এই খণ্ডত এক স্থায়ী আৰু পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে, যিয়ে ভাৰত আৰু চৌদি আৰৱৰ মাজত কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।
ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল খণ্ডত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ে ছৌদি আৰৱৰ উদ্যোগ আৰু খনিজ মন্ত্ৰালয়ৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। চৌদি আৰৱৰ উদ্যোগ আৰু খনিজ বিভাগৰ উপ-মন্ত্ৰী খলিল বিন ইব্ৰাহিম বিন চালামাহ আৰু কেন্দ্ৰীয় ৰাসায়নিক আৰু পেট্ৰ’কেমিকেলৰ সচিব নিবেদিতা শুক্লা বৰ্মাই সভাপতিত্ব কৰে। মন্ত্ৰালয়ৰ মতে, বৈঠকত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি, বিনিয়োগক প্ৰসাৰিত কৰা, আৰু এই খণ্ডত সহযোগিতাৰ নতুন ক্ষেত্ৰ অন্বেষণ কৰাৰ বিষয়ে আলোচনা কৰা হয়। দুয়োখন দেশে গৱেষণা আৰু উন্নয়নৰ লগতে এই খণ্ডত দক্ষতা বিকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সন্মত হয়।
চৌদি আৰব ভাৰতৰ চতুৰ্থ বৃহত্তম বাণিজ্যিক অংশীদাৰ, আৰু ভাৰত চৌদি আৰৱৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ। ২০২৪-২৫ বিত্তীয় বৰ্ষত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ৪১.৮৮ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ সম্ভাৱনা আছে, য’ত ৰাসায়নিক পদাৰ্থ আৰু পেট্ৰ’কেমিকেলৰ অৰিহণা ১০ শতাংশ বা ৪.৫ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া