সুকমা/ৰায়পুৰ, ১৫ অক্টোবৰ (হি.স.)। ছত্তীশগড়ৰ সুকমা জিলাত আৰক্ষী বিষয়াৰ সন্মুখত আত্মসমৰ্পণ কৰিছে ৫০ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই অনা ২৭জন নক্সালবাদীয়ে। আত্মসমৰ্পণ কৰা নক্সালবাদীসকলৰ ভিতৰত এজনে ১০ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই লৈ ফুৰিছিল, তিনিজনে কঢ়িয়াই লৈ ফুৰিছিল ৮ লাখ টকাকৈ, এজনে ৩ লাখ টকা, দুজনে ২ লাখ টকাকৈ কঢ়িয়াই লৈ ফুৰিছিল আৰু ৯ জনে ১ লাখ টকাকৈ কঢ়িয়াই লৈ ফুৰিছিল। এইদৰে মুঠ ৫০ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা নক্সালবাদীয়ে মূলসুঁতিলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈছে।
বুধবাৰে সুকমা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি আত্মসমৰ্পণ কৰা আটাইকেইটা নক্সালবাদী কেইবাটাও ঘটনাৰ সৈতে জড়িত আছিল। আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত আছিল দুজন কঠোৰ নক্সালবাদী। ২৭ জন নক্সালবাদীৰ ভিতৰত আছিল ১০ গৰাকী মহিলা আৰু ১৭ গৰাকী পুৰুষ।
সুকমা জিলা আৰক্ষী অধীক্ষক কিৰণ চাৱন, ডি আই জি কাৰ্যালয় সুকমা ছেকেণ্ড কমাণ্ড অফিচাৰ সুৰেশ সিং পায়াল, ২০৩ কোবৰা বেটেলিয়নৰ দ্বিতীয় কমাণ্ড অফিচাৰ গৌৰৱ কুমাৰ, চি আৰ পি এফ ১৩১ বেটেলিয়নৰ দ্বিতীয় কমাণ্ড অফিচাৰ অমিত প্ৰকাশ, চি আৰ পি এফ ২১৭ বেটেলিয়নৰ দ্বিতীয় কমাণ্ড বিষয়া বীৰেন্দ্ৰ কুমাৰ, নক্সাল অপ্ছ সুকমা অতিৰিক্তৰ আগত আত্মসমৰ্পণ কৰে নক্সালবাদীয়ে আৰক্ষী অধীক্ষক ৰোহিত শ্বাহ, নক্সাল অপ্ছ সুকমা উপ আৰক্ষী অধীক্ষক মনীষ ৰাত্ৰে, পৰিদৰ্শক জগদীশ পাণ্ডা ২১৬ বেটেলিয়ন চি আৰ পি এফ, আৰু পি চি ৰাজেশ কুমাৰ আতৰা এছ টি এফ সুকমা। ছত্তীশগড় চৰকাৰৰ নক্সালবাদী আত্মসমৰ্পণ আৰু পুনসংস্থাপন নীতি-২০২৫ আৰু নিয়েদ নেলনাৰ (গাওঁলৈ যাওঁ) আঁচনিৰ প্ৰভাৱত সকলোৱে আত্মসমৰ্পণ কৰে।
আত্মসমৰ্পণ কৰা নক্সালসকলৰ সবিশেষঃ
(১) দহ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই লৈ ফুৰা সুকমা জিলাৰ কিস্তাৰাম আৰক্ষী থানাৰ বুৰ্কালংকা পান্তাপাৰা নিবাসী ওয়াম লখমু (৫৩) ।
(২) সুকমা জিলাৰ জাগৰগুণ্ডা আৰক্ষী থানাৰ কাৰ্কাপাৰা নিবাসী আঠ লাখ টকাৰ পুৰস্কাৰ লৈ ফুৰা মাড়ৱী ভীমা ওৰফে তামো ভীমা (১৮) ।
(৩) বিজাপুৰ জিলাৰ পামেড় থানাৰ কৌৰগতা মিচিপাৰাৰ নিবাসী আঠ লাখ টকাৰ পুৰস্কাৰ লৈ ফুৰা সুনীতা ওৰফে কাৱাছি সোমদী (২৪) ।
(৪) আঠ লাখ টকাৰ পুৰস্কাৰ লৈ ফুৰা বিজাপুৰ জিলাৰ পামেড় থানাৰ গুণ্ড্ৰাজগুডাৰ নিবাসী সোদী মাছে (২২) ।
(৫) তিনি লাখ টকাৰ পুৰস্কাৰ লৈ ফুৰা সুকমা জিলাৰ কেৰালাপাল থানাৰ গোগুণ্ডা মিচিপাৰা নিবাসী মুচাকি হাদমা (৩০) ।
(৬) দুই লাখ টকাৰ পুৰস্কাৰ লৈ ফুৰা সুকমা জিলাৰ কিস্তাৰাম আৰক্ষী থানাৰ কামাৱৰাম নিবাসী সোড়ী দুলা (৪০) ।
(৭) দুই লাখ টকাৰ পুৰস্কাৰ লৈ সুকমা জিলাৰ কোন্ট আৰক্ষী থানাৰ জিনেলটং নিবাসী কুহৰাম বুধৰা ওৰফে পদম বুধৰা (৩১) ।
(৮) এক লাখ টকাৰ পুৰস্কাৰ লৈ ফুৰা সুকমা জিলাৰ কোন্টা থানাৰ পিলাভায়া (কোৰেভায়া)ৰ নিবাসী বিদ্যা ওৰফে মুচাকি যোগী (২৬)।
(৯) এক লাখ টকাৰ পুৰস্কাৰ লৈ ফুৰা সুকমা জিলাৰ কিস্তাৰাম থানাৰ পটকাপল্লী বাৰাপাৰাৰ নিৱাসী দুৰৰো/মদকাম হাদমে ওৰফে মদকাম পজ্জে (২৪)।
(১০) এক লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই লৈ ফুৰি সুকমা জিলাৰ কোঁটা আৰক্ষী থানাৰ পিলাভায়া নিবাসী মাদৱী দেৱে।
(১১) এক লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই লৈ ফুৰা সুকমা জিলাৰ চিন্তাগুফা থানাৰ পেন্টাপাড়ৰ নিবাসী ৰোহন ওৰফে কলমু হিদমা (২১) ।
(১২) এক লাখ টকাৰ পুৰস্কাৰ লৈ ফুৰা সুকমা জিলাৰ চিন্তাগুফা আৰক্ষী থানাৰ ছোটেকেদৱাল নিবাসী ভেকো দেৱে ওৰফে বিমলা
(১৩) এক লাখ টকাৰ পুৰস্কাৰ লৈ ফুৰা সুকমা জিলাৰ কিস্তাৰাম থানাৰ ডাব্বামাৰকা গাঁৱৰ নিৱাসী ৰজনী ওৰফে ভেট্টী কোছি (২৬) ।
(১৪) ১ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা সুকমা জিলাৰ চিন্তাগুফা আৰক্ষী থানাৰ এন্টাপাড়ৰ বাসিন্দা অঞ্জু ওৰফে মদকাম বুস্কি (২২)।
(১৫) ১ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা সুকমা জিলাৰ চিন্তাগুফা আৰক্ষী থানাৰ এন্টাপাড়ৰ বাসিন্দা মদকাম সুনীতা ওৰফে চুন্নী (২১) ।
(১৬) ১ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা সুকমা জিলাৰ বাসিন্দা সোদী বুধৰা (৩৮) ।
(১৭) ১ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা সুকমা জিলাৰ কিস্তাৰাম আৰক্ষী থানাৰ পট্টেমাংগু নিৱাসী মদ্বী ভীমা (৩৫)।
(১৮) সুকমা জিলাৰ চিন্তাগুফা থানাৰ মদপেডুলোড় নিবাসী ভেট্টি চুলা (২৫)।
(১৯) সুকমা জিলাৰ চিন্তাগুফা থানাৰ মদপেডুলোড় নিবাসী কাৱাছি দেৱা (৫০)।
(২০)সুকমা জিলাৰ কিস্তাৰাম থানাৰ সিংঘনমাডগু নিবাসী ছ’দি হুংগা (৩১)।
(২১) সুকমা জিলাৰ চিন্তাগুফা থানাৰ সিংহনামদাগু নিবাসী ছোড়ী মাছা (২৯)।
(২২) সুকমা জিলাৰ জোন্নাগুডাৰ বাসিন্দা তেলাম মাছা (৩৮)।
(২৩) সুকমা জিলাৰ জাগৰগুণ্ডা থানাৰ বন্দীপাৰা নিৱাসী মাদৱী কোছি (৩৬)।
(২৪) বিজাপুৰ জিলাৰ পামেদৰ থানাৰ গুণ্ড্ৰাজগুডা মুৰিয়াপাৰা নিবাসী সোমবাৰু ওৰফে সোদী সোমডু (৪৬)।
(২৫) বিজাপুৰ জিলাৰ পামেদৰ থানাৰ গুণ্ড্ৰাজগুডা নিবাসী নিবাসী হেমলা মুত্তা (৩১)।
(২৬) বিজাপুৰ জিলাৰ পামেদৰ থানাৰ গুণ্ড্ৰাজগুডা মুৰিয়াপাৰা নিবাসী হেমলা অৰ্জুন (৪৬)।
(২৭) সুকমা জিলাৰ কোন্টা থানাৰ উস্কৱায়া নিবাসী মড়কাম দেৱা (৩৩)।
সকলোকে চৰকাৰৰ পুনসংস্থাপন আৰু আত্মসমৰ্পণ নীতিৰ অধীনত উৎসাহ হিচাপে ৫০ হাজাৰ টকাকৈ চেক দিয়া হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া