সংসদ ভংগ আৰু চৰকাৰ গঠনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিলৰ প্ৰস্তুতি
কাঠমাণ্ডু, ১৪ অক্টোবৰ (হি.স.)। সংসদ ভংগ আৰু চৰকাৰ গঠনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰিবলৈ সাজু হৈছে নেপালৰ তিনিটা বৃহৎ দল। ভংগ হোৱা প্ৰতিনিধি সদনৰ অধ্যক্ষ দেৱৰাজ ঘিমিৰে মঙলবাৰে তিনিটা প্ৰধান দলৰ বৈঠক আহ্বান কৰি ভংগ আৰু চৰকা
टेंट लगाकर सुप्रीम कोर्ट में सुनवाई


কাঠমাণ্ডু, ১৪ অক্টোবৰ (হি.স.)। সংসদ ভংগ আৰু চৰকাৰ গঠনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰিবলৈ সাজু হৈছে নেপালৰ তিনিটা বৃহৎ দল। ভংগ হোৱা প্ৰতিনিধি সদনৰ অধ্যক্ষ দেৱৰাজ ঘিমিৰে মঙলবাৰে তিনিটা প্ৰধান দলৰ বৈঠক আহ্বান কৰি ভংগ আৰু চৰকাৰ গঠনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত যৌথভাৱে আবেদন দাখিল কৰিবলৈ আহ্বান জনায়। অধ্যক্ষ ঘিমিৰে কয় যে পৃথক ৰিট আবেদন দাখিল কৰাতকৈ যৌথ আবেদন ভাল হ’ব।

সভাত উপস্থিত থাকে নেপালী কংগ্ৰেছৰ মুখপাত্ৰ ড° প্ৰকাশ শৰণ মহত, চিপিএন-ইউএমএলৰ প্ৰাক্তন আইন মন্ত্ৰী পদ্ম আৰ্যল, আৰু মাওবাদী দলৰ পৰা ৰাষ্ট্ৰীয় বিধানসভাৰ সাংসদ তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা খিমলাল দেৱকোটা। নেপাল উকীল সন্থাইও সুকীয়াকৈ ৰিট আবেদন দাখিল কৰাৰ প্ৰস্তুতি চলাইছে।

নেপালী কংগ্ৰেছৰ মুখপাত্ৰ ড০ প্ৰকাশ শৰণ মহতে উল্লেখ কৰে যে তেওঁৰ দলে অন্তৱৰ্তীকালীন চৰকাৰে সংসদ ভংগ কৰাৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাবলৈ সকলো প্ৰস্তুতি চলাইছে। সংবিধানৰ পৰিসৰৰ বাহিৰলৈ যোৱা অন্তৱৰ্তীকালীন চৰকাৰে সংসদ ভংগ কৰাৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনোৱা হ’ব বুলি চিপিএন-ইউএমএলৰ নেতা তথা প্ৰাক্তন আইন মন্ত্ৰী পদ্ম আৰয়ালে উল্লেখ কৰে। তদুপৰি সংবিধান অনুসৰি গঠন হোৱা নাছিল বাবে এই চৰকাৰৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন হ’ব।

আজি অৰ্থাৎ মঙলবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত নিয়মীয়া শুনানি আৰম্ভ হ’ব। জেন–জি আন্দোলনৰ সময়ত অগ্নিসংযোগৰ ফলত ধ্বংসস্তূপ হৈ পৰা আদালত চৌহদত ৩৫ দিনৰ অন্তত আজি নিয়মীয়া শুনানি অনুষ্ঠিত হ’ব। আজিৰ পৰা ৰিট আবেদনো দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande