
ডিব্ৰুগড়, ১০ অক্টোবৰ (হি.স.)। দুলীয়াজানৰ তৰাজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। বনবিভাগৰ বিৰুদ্ধে আটছা আৰু বাগিচা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। উল্লেখ্য যে বৃহস্পতিবাৰে নিশা উক্ত চাহবাগিচাৰ শ্ৰমিক ৰঞ্জিত কয়াক বন্যহস্তীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল। বৰ্তমান ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন শ্ৰমিক গৰাকী ।
দীৰ্ঘদিনৰ পৰা তৰাজান চাহ বাগিচাৰ লগতে বৃহত্তৰ অঞ্চলটোত বন্যহস্তীয়ে আক্ৰমণত কেইবাগৰাকী শ্ৰমিক নিহত হৈছে । বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে বাৰম্বাৰ বনবিভাগক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন-নিবেদন জনাই আহিছে যদিও আজিপৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।ইয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে আটছা আৰু বাগিচা শ্ৰমিক সকলে বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অতিশীঘ্ৰে বনবিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা