জম্মু-কাশ্মীৰৰ ৰাজ্যিক মৰ্যদা প্ৰদানৰ আৱেদনৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ পৰা বিচাৰিছে উত্তৰ
নতুন দিল্লী, ১০ অক্টোবৰ (হি.স.)। উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰৰ ৰাজ্যিক স্থান পুনৰ ঘূৰাই অনাৰ নিৰ্দেশ বিচৰা আবেদনৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক চাৰি সপ্তাহৰ সময় দিয়ে। মুখ্য ন্যায়াধীশ বি.আৰ. গৱাইয়ে এই আদেশ জাৰি কৰে। যোৱা ১৪ আগষ্টত আদালতে কে
सुप्रीम कोर्ट (फाइल फोटो)


নতুন দিল্লী, ১০ অক্টোবৰ (হি.স.)। উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰৰ ৰাজ্যিক স্থান পুনৰ ঘূৰাই অনাৰ নিৰ্দেশ বিচৰা আবেদনৰ উত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক চাৰি সপ্তাহৰ সময় দিয়ে। মুখ্য ন্যায়াধীশ বি.আৰ. গৱাইয়ে এই আদেশ জাৰি কৰে।

যোৱা ১৪ আগষ্টত আদালতে কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছিল। আৱেদনত উল্লেখ আছে যে জম্মু-কাশ্মীৰৰ ৰাজ্যিক অৱস্থা পুনৰ ঘূৰাই অনাৰ আশ্বাস দিছিল ছলিচিটৰ জেনেৰেলে। এই আৱেদন দাখিল কৰিছে শিক্ষক জাহুৰ আহমেদ ভাট আৰু কৰ্মী খুৰশ্বিদ আহমেদ মালিকে। আৱেদনখনত উল্লেখ কৰা হৈছে যে জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছিল, ইয়াৰ পৰা বুজা যায় যে ৰাজ্যিক স্থান পুনৰ ঘূৰাই অনাত কোনো সমস্যা নাই। আবেদনখনত উল্লেখ কৰা হৈছে যে জম্মু-কাশ্মীৰৰ ৰাজ্যিক অৱস্থা পুনৰ ঘূৰাই নিদিয়াটোৱে ফেডাৰেলিজমৰ মৌলিক বৈশিষ্ট্য উলংঘা কৰিছে।

আৱেদনখনত উল্লেখ কৰা হৈছে যে ছলিচিটৰ জেনেৰেলৰ আশ্বাস আৰু ৩৭০ অনুচ্ছেদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছতো বিগত ১১ মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।জম্মু-কাশ্মীৰক ৰাজ্যৰ অধিকাৰ পুনৰ ঘূৰাই অনাত কেন্দ্ৰৰ ব্যৰ্থতাই উপত্যকাৰ নাগৰিকৰ অধিকাৰত গুৰুতৰ প্ৰভাৱ পেলাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande