তিৱা সাংস্কৃতিক সমাজৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জুবিন গাৰ্গৰ মায়াবিনী গীতটি তিৱা ভাষাত উন্মোচন
নগাঁও, ১০ অক্টোবৰ (হি.স.)। হাৰ্টথ্ৰব জুবিন ''গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত'' জনপ্ৰিয় গীতটি তিৱা ভাষালৈ অনুদিত৷ গীতটি তিৱা ভাষালৈ অনুবাদ কৰিছে তিৱা সাংস্কৃতিক সাধক বাদল মুনিয়ে৷ গীতটিত কণ্ঠদান কৰিছে গায়ক সোণটি বৰদলৈ আৰু জ্যোশিকা মুনিয়ে৷ শুক্ৰবাৰে ৰ
তিৱা সাংস্কৃতিক সমাজৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জুবিন গাৰ্গৰ মায়াবিনী গীতটি তিৱা ভাষাত উন্মোচন


নগাঁও, ১০ অক্টোবৰ (হি.স.)। হাৰ্টথ্ৰব জুবিন 'গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত' জনপ্ৰিয় গীতটি তিৱা ভাষালৈ অনুদিত৷ গীতটি তিৱা ভাষালৈ অনুবাদ কৰিছে তিৱা সাংস্কৃতিক সাধক বাদল মুনিয়ে৷ গীতটিত কণ্ঠদান কৰিছে গায়ক সোণটি বৰদলৈ আৰু জ্যোশিকা মুনিয়ে৷

শুক্ৰবাৰে ৰহাত অনুষ্ঠিত তিৱা সাংস্কৃতিক সমাজৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত আনুষ্ঠানিকভাৱে গীতটি উন্মোচন কৰা হয়৷ ইপিনে তিৱা সাংস্কৃতিক সমাজৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানত তিৱা জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে৷ এই মঞ্চৰ পৰাই তিৱা সাংস্কৃতিক সমাজৰ লগতে তিৱা জাতীয় সংগঠনসমূহে জুবিন গাৰ্গৰ ন্যায় দাবী তুলিলে৷ যদি চৰকাৰে ন্যায় দিব নোৱাৰে তেন্তে ৰাইজেই জুবিন গাৰ্গক ন্যায় দিব বুলি সকীয়াই দিয়ে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande