
কাঠমাণ্ডু, ১০ অক্টোবৰ (হি.স.)। ইজৰাইল আৰু হামাছৰ মাজত হোৱা নতুন যুদ্ধবিৰতি চুক্তি অনুসৰি সোমবাৰৰ ভিতৰত গাজাৰ পৰা ২০ জন জীৱিত পণবন্দীক মুকলি কৰি দিয়া হ’ব। এই পণবন্দীসকলৰ তালিকা ৰাজহুৱা কৰা হৈছে যদিও তাত নেপালী নাগৰিক বিপিন যোশীৰ নাম অন্তৰ্ভুক্ত হোৱা নাই।
উল্লেখ্য় যে ২০২৩ চনৰ অক্টোবৰ মাহত হামাছৰ আক্ৰমণৰ সময়ত পণবন্দী কৰি ৰখা লোকসকলক দুবছৰৰ পাছত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিত মুকলি কৰি দিয়া হৈছে যদিও নেপালী নাগৰিকজনৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে তেওঁৰ পৰিয়ালটো অতিশয় উদ্বিগ্ন হৈ পৰিছে।
এই আক্ৰমণৰ সময়ত হামাছ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ইজৰাইলৰ পৰা ২৫১ জন লোকক অপহৰণ কৰি গাজালৈ লৈ যায়। ইয়াৰে ৪৭ জন এতিয়াও হামাছৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে। সোমবাৰৰ ভিতৰত প্ৰথম পৰ্যায়ত ২০ জন পণবন্দীক মুকলি কৰি দিয়াৰ কথা স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ঘোষণা কৰে।
ইতিমধ্যে ইজৰাইলে পণবন্দীসকলৰ ২৬জনক মৃত ঘোষণা কৰিছে। যাৰ স্থিতি অজ্ঞাতসকলৰ ভিতৰত আছে ইজৰাইলী জোৱান তামিৰ নিমৰোডী আৰু নেপালী ছাত্ৰ বিপিন যোশী।
নেপালৰ জোছিক দক্ষিণ ইজৰাইলৰ এলুমিন কিবুটজৰ পৰা অপহৰণ কৰা হৈছিল। শেহতীয়াকৈ তেওঁৰ পৰিয়ালে নিশ্চিত কৰিছে যে ইজৰাইলী বাহিনীয়ে গাজাৰ পৰা তেওঁক জীৱিত অৱস্থাত দেখুওৱা এটা ভিডিঅ’ উদ্ধাৰ কৰিছে, ফুটেজ ২০২৩ চনৰ নৱেম্বৰ মাহত চিত্ৰগ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে।
ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বৰ্তমানৰ যুদ্ধবিৰতি প্ৰস্তাৱৰ অধীনত ২০ জন জীৱিত পণবন্দী আৰু ২৮ জন মৃত লোকৰ মৃতদেহ ইজৰাইললৈ ঘূৰাই পঠিওৱা হ’ব। অৱশ্যে বিষয়াসকলে কয় যে হামাছৰ হাতত মৃত সকলো লোকৰ সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে।
বিপিন যোশীৰ এই গোচৰে নেপাল আৰু ইজৰাইলত বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে, কিয়নো তেওঁ একমাত্ৰ পৰিচিত নেপালী পণবন্দী যাৰ বিষয়ে এতিয়াও কোনো সুনিৰ্দিষ্ট তথ্য উপলব্ধ নহয়। আন চাৰিজন বিদেশী নাগৰিক, তিনিজন থাই আৰু এজন তাঞ্জানিয়ান বন্দী হৈ আছে যদিও বেছিভাগকে মৃত ঘোষণা কৰা হৈছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia