মায়ঙৰ ঝাৰগাঁও বজাৰত সংঘটিত ভয়ানক অগ্নিকাণ্ড
মৰিগাও, ১০ অক্টোবৰ (হি.স.)। মায়ঙৰ ঝাৰগাঁও বজাৰত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় ।জুইত জাহ গল বিশ খনতকৈও অধিক দোকান। প্ৰায় বিশ লাখ টকাৰ অধিক সম্পত্তি জুইত জাহ যোৱাৰ আশংকা কৰা হৈছে ।পুৱা ৫ মান বজাত সংঘটিত হয় উক্ত অগ্নিকাণ্ড । চৰ্ট চাৰ্কিটৰ ফলত অগ্নিক
মায়ঙৰ ঝাৰগাঁও বজাৰত সংঘটিত ভয়ানক অগ্নিকাণ্ড


মৰিগাও, ১০ অক্টোবৰ (হি.স.)। মায়ঙৰ ঝাৰগাঁও বজাৰত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় ।জুইত জাহ গল বিশ খনতকৈও অধিক দোকান। প্ৰায় বিশ লাখ টকাৰ অধিক সম্পত্তি জুইত জাহ যোৱাৰ আশংকা কৰা হৈছে ।পুৱা ৫ মান বজাত সংঘটিত হয় উক্ত অগ্নিকাণ্ড । চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে । ঘটনাস্থলিত জাগীৰোড থানাৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে জুই নিৰ্বাপন কৰে।

বজাৰত সহস্ৰাধিক লোক উপস্থিত অৱশ্যে ব্যৱসায়ী সন্থাৰ নিজা জুই নুমোৱা মেচিনটো বিকল হৈ থাকে। ব্যাপক বেদখলৰ কবলত পৰিছে সমগ্ৰ বজাৰ অঞ্চলটো। বেদখলমুক্ত কৰাৰ দাবী ব্যৱসায়ি সকলৰ। অস্থায়ী অগ্নি নিৰ্বাপক মেচিনটো বিকল হৈ থকাত ব্যৱসায়ি সকলৰ মাজত ক্ষোভ বৃদ্ধি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande