
ধুবুৰী, ১০ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জত এক দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছে। যোৱা কালি বৃহস্পতিবাৰে বিয়লি সংঘটিত হৈছে এই দিন ডকাইতিৰ ঘটনা। এই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সমৰ্থ হোৱা নাই
জানিব পৰামতে, সত্যেন্দ্ৰ নাথ প্ৰধানী নামৰ এজন ব্যক্তি জন দিন ডকাইতিৰ বলি হয়। সত্যেন্দ্ৰ নাথ প্ৰধানীৰ পৰা দুৰ্বৃত্তই লুটি নিলে ১ লাখ ৭৬ হাজাৰ টকা। প্ৰাপ্ত তথ্য অনু,কি সত্যেন্দ্ৰ নাথ প্ৰধানী নামৰ লোকজনে গোলকগঞ্জ ষ্টেট বেংকৰ পৰা টকা খিনি উলিয়াই আনিছিল। ঘৰমুখে অহাৰ সময়ত হনুমান মন্দিৰৰ সন্মুখত ছাইকেলত টকাৰ মোনা থৈ সেৱা জনাৱলৈ মন্দিৰত সোমাইছিল। এই সুযোগতেই দুৰ্বৃত্তই লুটি নিলে টকা খিনি। লোকজনে মন্দিৰৰ পৰা ওলাই আহি নিজৰ ছাইকেলত টকাৰ বেগটো নেদেখি হতচতিক হৈ পৰে। এই সন্দৰ্ভত তেওঁ লগে লগে আৰক্ষীক অৱগত কৰায়। আৰক্ষীয়ে এই ডকাইতি কাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো লোকক আটক কৰিবলৈ সমৰ্থ হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ