ছোমালিয়াক পৰাস্ত কৰি আলজেৰিয়াৰ ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন
অ’ৰাণ (আলজেৰিয়া), ১০ অক্টোবৰ (হি.স.)। আলজেৰিয়াই বৃহস্পতিবাৰে মিলৌড হাডেফি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কোৱালিফায়াৰত ছোমালিয়াক ৩-০ গ’লত পৰাস্ত কৰি ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে । আলজেৰিয়াৰ হৈ মহম্মদ আমৌৰাই দুটা গ’ল দিয়াৰ বিপৰীতে
अल्जीरिया के  कप्तान रियाद महरेज़


অ’ৰাণ (আলজেৰিয়া), ১০ অক্টোবৰ (হি.স.)। আলজেৰিয়াই বৃহস্পতিবাৰে মিলৌড হাডেফি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কোৱালিফায়াৰত ছোমালিয়াক ৩-০ গ’লত পৰাস্ত কৰি ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে ।

আলজেৰিয়াৰ হৈ মহম্মদ আমৌৰাই দুটা গ’ল দিয়াৰ বিপৰীতে অধিনায়ক ৰিয়াদ মহৰেজে এটা গ’ল দি দলটোৰ জয় নিশ্চিত কৰে। এই জয়ৰ জৰিয়তে ডেজাৰ্ট ফক্সেছে (আলজেৰিয়াৰ দলীয় ডাকনাম) ৯খন মেচৰ পৰা ২২ পইণ্টেৰে গ্ৰুপ জিৰ শীৰ্ষস্থান দখল কৰে। এই পৰ্যন্ত দলটোৱে ৭টা জয়, এটা ড্র আৰু এটা পৰাজয়ৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷

ফিফা বিশ্বকাপত আলজেৰিয়াৰ এয়া হ’ব পঞ্চমটো প্ৰৱেশ। ইয়াৰ পূৰ্বে ১৯৮২, ১৯৮৬, ২০১০ আৰু ২০১৪ চনত বিশ্বকাপত অংশগ্ৰহণ কৰিছিল দলটোৱে।

আলজেৰিয়াই ২০২৬ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থটো আফ্ৰিকান দল হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে মৰক্কো, টিউনিছিয়া আৰু ইজিপ্তেও স্থান লাভ কৰিছিল।

মন কৰিবলগীয়া যে ২০২৬ চনৰ ফিফা বিশ্বকাপ প্ৰতিযোগিতা আমেৰিকা, মেক্সিকো আৰু কানাডাই যৌথভাৱে আয়োজন কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande