৮ গৰাকী অভিযান্ত্ৰিক ছাত্ৰৰ লেপটস্পাইৰা জ্বৰ নিশ্চিত, মহাবিদ্যালয় বন্ধ
তিৰুনেলভেলী, ১০ অক্টোবৰ (হি.স.)। তামিলনাডুৰ তিৰুনেলভেলি জিলাৰ মেলাথিডিয়ুৰ অঞ্চলৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত লেপট’স্পাইৰা জ্বৰ ধৰা পৰাৰ ফলত কলেজখন পৰৱৰ্তী জাননী নিদিয়ালৈকে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।
रैट फीवर


তিৰুনেলভেলী, ১০ অক্টোবৰ (হি.স.)। তামিলনাডুৰ তিৰুনেলভেলি জিলাৰ মেলাথিডিয়ুৰ অঞ্চলৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত লেপট’স্পাইৰা জ্বৰ ধৰা পৰাৰ ফলত কলেজখন পৰৱৰ্তী জাননী নিদিয়ালৈকে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

আতংকিত হোৱাতকৈ সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে। নেল্লোৰ, টেংকাছী, আৰু বিৰুধুনগৰ জিলাৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়খনত অধ্যয়ন কৰে।

উভাৰী অঞ্চলৰ এগৰাকী ছাত্ৰীক জ্বৰত আক্ৰান্ত হৈ নাগেৰকইলৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰীক্ষাত নিশ্চিত কৰা হৈছে যে লেপট’স্পাইৰ’ছিছ (Leptospira) যিটো ৰোগ সাধাৰণতে পশুৰ প্ৰস্ৰাৱৰ দ্বাৰা দূষিত পানীৰ সংস্পৰ্শৰ ফলত বিয়পি পৰে।

লগে লগে স্বাস্থ্য বিভাগে মহাবিদ্যালয়খন পৰিদৰ্শন কৰে। এটা শিবিৰৰ সময়ত আৰু ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰো একে জ্বৰ পজিটিভ পোৱা গৈছে, আৰু এতিয়া তেওঁলোক চিকিৎসাধীন হৈ আছে।

পৰিদৰ্শনত মহাবিদ্যালয়খনৰ পিছফালে থকা বানপানীৰ পৰা খোৱা আৰু ৰন্ধা পানী উলিওৱা বুলি জানিব পৰা গৈছে। কেন্টিনত পচি যোৱা শাক-পাচলি আৰু লেতেৰাও উদ্ধাৰ হয়। ফলস্বৰূপে কেণ্টিনৰ অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিল কৰা হৈছে।

অহা ১১ আৰু ১২ অক্টোবৰত মহাবিদ্যালয়খনত অনুষ্ঠিত হ’ব স্বাস্থ্য শিবিৰ। হোষ্টেল আৰু কেন্টিনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে কলেজত নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।

স্বাস্থ্য বিষয়াসকলে জনাইছে যে লেপট’স্পাইৰা জ্বৰ অপৰিষ্কাৰ পানী আৰু দুৰ্বল অনাময় ব্যৱস্থাৰ দ্বাৰা বিয়পে। তেওঁলোকে জনসাধাৰণক বিশুদ্ধ পানী ব্যৱহাৰ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান জনাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande