বঙাইগাঁও শোধনাগাৰৰ সন্মুখত অস্থায়ী শ্ৰমিক সংগঠনৰ উদ্যোগত ১২ ঘন্টীয়া অনশন ৰূপায়ন
চিৰাং, ১০ অক্টোবৰ (হি.স.)। ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ লগতে শোধনাগাৰৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে চিৰাং জিলাৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অস্থায়ী শ্ৰমিক সংগঠনৰ উদ্যোগত
বঙাইগাঁও শোধনাগাৰৰ সন্মুখত অস্থায়ী শ্ৰমিক সংগঠনৰ উদ্যোগত ১২ ঘন্টীয়া অনশন ৰূপায়ন


চিৰাং, ১০ অক্টোবৰ (হি.স.)। ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ লগতে শোধনাগাৰৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে চিৰাং জিলাৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অস্থায়ী শ্ৰমিক সংগঠনৰ উদ্যোগত ১২ ঘন্টীয়া অনশন ৰূপায়ন ।

বঙাইগাঁও শোধনাগাৰৰ ভিতৰ চৰাত চলি থকা বিভিন্ন নিৰ্মাণকাৰ্য্যত জড়িত ঠিকাদাৰ প্ৰতিষ্ঠানে শ্ৰম আইন উলংঘন কৰি অস্থায়ী শ্ৰমিক সকলক কামৰ পৰা ছাটাই কৰা, শ্ৰমিক সকলৰ প্ৰাপ্য মজুৰী সময়মতে আদায় নিদিয়া আদি কৰি শ্ৰমিক বিৰোধী কাৰ্য্যকলাপৰ প্ৰতি বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই একপ্ৰকাৰ সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰি বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰো ৰাসায়নিক অস্থায়ী শ্ৰমিক সংঘৰ শতাধিক শ্ৰমিকে আজিৰ এই ১২ ঘন্টীয়া অনশন কাৰ্য্যসূচী ত অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে যোৱা ৮ অক্টোবৰ দিনাও উক্ত স্থানতে অস্থায়ী শ্ৰমিক সংগঠন ফালৰ পৰা ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande