ইম্ফল, ০৯ জানুৱাৰী (হি.স.)। মণিপুৰ আৰক্ষী, ৩৭ অসম ৰাইফলছ, বন বিভাগ আৰু কাৰ্যবাহী দণ্ডাধীশৰ যৌথ দলে চুৰাচান্দপুৰ জিলাৰ সাংগাইকোট থানাৰ অন্তৰ্গত হাওপি মলেন পাহাৰীয়া অঞ্চলত আফিং খেতিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। ইয়াৰ মাজতে চাৰি একৰ মাটিত বিস্তৃত আফিং খেতি ধ্বংস কৰাৰ উপৰি ১০টা পপি টুকুৰী জব্দ কৰা হয়।
এই গোচৰত এফআইআৰ দাখিল কৰা হৈছে আৰু খেতিয়কক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া