লীলাৱতী হাস্পতাল এৰিলে চলচ্চিত্ৰ অভিনেতা ছৈফ আলী খান
মুম্বাই, ২১ জানুৱাৰী (হি.স.)। চলচ্চিত্ৰ অভিনেতা ছৈফ আলী খানক মঙলবাৰে বিয়লি লীলাৱতী হাস্পতালৰ পৰা যাবলৈ দিয়া হয়। ইয়াৰ পিছতে পত্নী চলচ্চিত্ৰ অভিনেত্ৰী কৰীনা কাপুৰৰ সৈতে বান্দ্ৰা বাসগৃহত উপস্থিত হয় ছৈফ আলী খান। যোৱা ১৬ জানুৱাৰীত নিজ বাসগৃহত চোকা অ
লীলাৱতী হাস্পতাল এৰিলে চলচ্চিত্ৰ অভিনেতা ছৈফ আলী খান


মুম্বাই, ২১ জানুৱাৰী (হি.স.)। চলচ্চিত্ৰ অভিনেতা ছৈফ আলী খানক মঙলবাৰে বিয়লি লীলাৱতী হাস্পতালৰ পৰা যাবলৈ দিয়া হয়। ইয়াৰ পিছতে পত্নী চলচ্চিত্ৰ অভিনেত্ৰী কৰীনা কাপুৰৰ সৈতে বান্দ্ৰা বাসগৃহত উপস্থিত হয় ছৈফ আলী খান। যোৱা ১৬ জানুৱাৰীত নিজ বাসগৃহত চোকা অস্ত্ৰৰ আক্ৰমণৰ ঘটনাত আহত হোৱা ছৈফ আলী খানক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

সূত্ৰ অনুসৰি ছৈফ আলী খানৰ ডিচচাৰ্জ পেপাৰখন সোমবাৰে নিশাই প্ৰস্তুত কৰা হৈছিল। ছৈফ আলী খানক এমাহৰ বাবে ঘৰতে জিৰণি ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে। চিকিৎসকে কয় যে মেৰুদণ্ডৰ আঘাত গভীৰ আৰু ভাল হ’বলৈ কমেও এমাহ সময় লাগিব পাৰে। অভিনেতাগৰাকীৰ বাসগৃহত সংঘটিত আক্ৰমণৰ সময়ত মুঠ ৬বাৰ আঘাত কৰা হৈছিল।

উল্লেখ্য যে ১৬ জানুৱাৰীৰ নিশা বান্দ্ৰাত থকা নিজৰ বাসগৃহত প্ৰৱেশ কৰা চোৰে ছৈফ আলী খানক ছুৰীৰে আঘাত কৰিছিল। এই ঘটনাৰ পিছত ছৈফ আলী খানক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই গোচৰত আৰক্ষীয়ে চোৰ ৩০ বছৰীয়া শ্বৰীফুল ইছলাম শ্বাহজাদ মহম্মদ ৰোহিল্লা আমিন ফকিৰক গ্ৰেপ্তাৰ কৰিছে। বিষয়টোৰ তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande