ভেলেণ্টাইন ডে’ ২০২৫: প্ৰেমিক-প্ৰেমিকাৰ বাবে ফেব্ৰুৱাৰী মাহটো অতি বিশেষ। কেৱল এয়াই নহয়, ফেব্ৰুৱাৰী মাহকো প্ৰেমৰ মাহ বুলি কোৱা হয়। ফেব্ৰুৱাৰী মাহত আমি বিশেষ কাৰোবাৰ ওচৰত আমাৰ মৰম প্ৰকাশ কৰো। ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ভেলেণ্টাইন উইক ২০২৫ পালন কৰা হয়। কিছুমানে প্ৰেমিকা বা প্ৰেমিকক গোলাপ বা আঙঠি দি প্ৰেমৰ প্ৰস্তাৱ দিয়ে, আন কিছুমানে পত্নী বা স্বামীৰ বাবে মমবাতিৰ পোহৰত নিশাৰ আহাৰ গ্ৰহণৰ পৰিকল্পনা কৰে। যদি আপুনি আপোনাৰ সংগীৰ সৈতে এই প্ৰেমৰ সপ্তাহটো উদযাপন কৰিব বিচাৰে, তেন্তে আপুনি কিছুমান ৰোমান্টিক চিনেমা চাব পাৰে।
লাভয়াপাঃ অভিনেতা আমিৰ খানৰ পুত্ৰ জুনেইদ খান আৰু শ্ৰীদেৱীৰ কন্যা খুছি কাপুৰৰ ৰোমান্টিক কমেডী ছবি ‘লাভয়াপা’ অহা ৭ ফেব্ৰুৱাৰীত মুক্তি পাব। ২০২২ চনৰ তামিল ছবি ‘লাভ টুডে’ৰ হিন্দী ৰিমেক ‘লাভয়াপা’।
ধূম ধামঃ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব য়ামী গৌতম আৰু প্ৰতীক গান্ধীয়ে অভিনীত ছবি ‘ধূম ধম’। এই ৰমকম ছবিখনত য়ামী আৰু প্ৰতীক গান্ধীৰ মাজত থকা কেমেষ্ট্ৰিয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই ছবিখন অহা ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে'ত মুক্তি পাবলৈ গৈ আছে।
ছাৱাঃ বিকি কৌশল আৰু ৰশ্মিকা মাণ্ডন্নাই অভিনীত ছবি ‘ছাৱা’ ১৪ ফেব্ৰুৱাৰীত মুক্তি পাব। ‘ছাৱ’ ছবিখনৰ পৰিচালক হৈছে লক্ষ্মণ উটেকাৰ ।
বদমাশ ৰবি কুমাৰ: বদমাশ ৰবি কুমাৰত মুখ্য চৰিত্ৰত পোনপটীয়াকৈ দেখা পাব গায়ক-অভিনেতা হিমেশ ৰেশমীয়াক। আমোদজনক কথাটো হ’ল এই ছবিখনত বহুকেইজন জ্য়েষ্ঠ অভিনেতা আছে। এই ছবিখন অহা ৭ ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে মুক্তি পাব।
নখৰেৱালিঃ অহা ১৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব ৰোমান্টিক-কমেডী ছবি ‘নখৰেৱালি’। এই ছবিখনত দেখা যাব নীতা সতনানী আৰু অংশ দুগগলক। ‘নখৰেৱালি’ৰ প্ৰযোজক আনন্দ এল ৰায়, যিয়ে ‘তনু ৱেডছ মানু’ পৰিচালনা কৰিছিল।
हिन्दुस्थान समाचार / Monoj Kumar Saikia