গুৱাহাটী, ২১ জানুৱাৰী (হি.স.)। মহানগৰ আৰক্ষীৰ সফল অভিযান। আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন ঠাইত পৃথক পৃথক অভিযান চলায় ৬ জনকৈ গভাইত চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। আৰক্ষী সূত্ৰে জানিবলৈ দিয়া অনুসৰি গড়চূক আৰক্ষীয়ে বেটেৰী চুৰিৰ অভিযোগত চুৰি বেটেৰী সহ আটক কৰে দুটাকৈে চোৰক। ধৃত চোৰ দুটাক ক্ৰমে বৰাগাওঁৰ সাগৰ তামা্ং আৰু কটাহবাৰীৰ মহিবুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
ইফালে মহানগৰ আৰক্ষীৰ আন এক অভিযানত আন চাৰিটা গভাইত চোৰক চুৰি সামগ্ৰীসহ আটক কৰে। জানিব পৰা অনুসৰি আজাৰা আৰক্ষীয়ে আজি পুৱতি নিশা চলোৱা এক অভিযানত জোনগোড়াবৰীৰ পৰা এই চাৰিজন চোৰক আটক কৰে। চোৰকেইটাই ব্যৱহাৰ কৰা এ এছ ১৯ এফ ৯৫০৯ নম্বৰৰ এখন বলেৰো বাহন তথা চুৰি কাৰ্য্যত ব্যৱহৃত বহু সৰঞ্জামসহ চোৰকেইটাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰকেইটাক ক্ৰমে কামৰূপৰ গৰৈমাৰীৰ অজিত আলী, আহমদ আলী, ৱাজেদ আলী আৰু বকোৰ মহিৰুদ্দিন আলী বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে মহিৰুদ্দিন আলী নামৰ চোৰটোক বিগত বছৰতো গৰু চুৰিৰ গোচৰত ধূপধৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বুলি আৰক্ষীয়ে জনায়। আনহাতে চোৰৰ দলটোৰ আন এজন সদস্যই আন্ধাৰৰ সুযোগ লৈ সেই ঠাইৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী