নতুন দিল্লী, ২১ জানুৱাৰী (হি.স.)। ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা ২ ফেব্ৰুৱাৰীৰ পৰা ৩০ মাৰ্চলৈ সাধাৰণ জনতাৰ বাবে মুকলি থাকিব । সপ্তাহত ছয় দিন পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত জনতাই বাগিচাখন পৰিদৰ্শন কৰিব পাৰিব। আনহাতে সপ্তাহত এবাৰ, প্ৰতি সোমবাৰে বাগিচাখন ৰক্ষণাবেক্ষণৰ বাবে বন্ধ থাকিব।
ৰাষ্ট্ৰপতি ভৱনে মঙলবাৰে জাৰি কৰা এক বিবৃতি অনুসৰি ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদান, ২০ আৰু ২১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত দৰ্শনাৰ্থী সন্মিলন আৰু ১৪ মাৰ্চত হোলীৰ বাবে বাগিচাখন বন্ধ হৈ থাকিব।
সকলো দৰ্শনাৰ্থীৰ প্ৰৱেশ আৰু প্ৰস্থান ৰাষ্ট্ৰপতি ভৱনৰ ৩৫ নং গেটৰ পৰা হ’ব। এই গেটখন নৰ্থ এভিনিউৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ নিচেই ওচৰত। দৰ্শনাৰ্থীৰ সুবিধাৰ্থে কেন্দ্ৰীয় সচিবালয় মেট্ৰ’ ষ্টেচনৰ পৰা ৩৫ নং গেটলৈ প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে পুৱা ৯.৩০ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত শ্বাটল বাছ সেৱা উপলব্ধ হ’ব। চাৰিদিনলৈ বিশেষ শাখাৰ বাবে খোলা থাকিব অমৃত উদ্যান। ইয়াৰে ২৬ মাৰ্চ প্ৰতিবন্ধী লোকৰ বাবে, ২৭ মাৰ্চ প্ৰতিৰক্ষা, অৰ্ধসামৰিক আৰু আৰক্ষী কৰ্মীৰ বাবে, ২৮ মাৰ্চ মহিলা আৰু জনজাতীয় মহিলা এছ এইচ জিৰ বাবে আৰু ২৯ মাৰ্চ জ্যেষ্ঠ নাগৰিকৰ বাবে সংৰক্ষিত থাকিব।
বুকিং আৰু বাগিচাত প্ৰৱেশ বিনামূলীয়া। ৰাষ্ট্ৰপতি ভৱনৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন বুকিং কৰিব পাৰিব। ৱাক-ইন দৰ্শকে ৰাষ্ট্ৰপতি ভৱনৰ গেটৰ ওচৰৰ সুবিধা প্ৰদান কাউণ্টাৰ বা স্ব-সেৱা কিয়স্কত পঞ্জীয়ন কৰিব লাগিব। ৰাষ্ট্ৰপতি ভৱনে ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অমৃত উদ্যানৰ অংশ হিচাপে বৈচিত্ৰ্যৰ অমৃত মহোৎসৱৰো আয়োজন কৰিব। এইবাৰৰ মহোৎসৱত দক্ষিণ ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু অনন্য পৰম্পৰা প্ৰদৰ্শন কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া