“এডভান্টেজ অসম ২.০”ৰ প্ৰচাৰৰ অংশ হিচাপে বেংগালুৰুত বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
বেংগালুৰু, ২১ জানুৱাৰী (হি.স.)। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত “এডভান্টেজ আছাম ২.০: বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫”ৰ প্ৰচাৰৰ অংশ হিচাপে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক স
বেংগালুৰুত বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ


বেংগালুৰু, ২১ জানুৱাৰী (হি.স.)। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত “এডভান্টেজ আছাম ২.০: বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫”ৰ প্ৰচাৰৰ অংশ হিচাপে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বেংগালুৰুৰ হোটেল আইটিচি গাৰ্ডেনিয়াত এক বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰে।

দুই শতাধিক বিনিয়োগকাৰী, ব্যৱসায়িক গোষ্ঠীৰ প্ৰতিনিধি, নীতি নিৰ্ধাৰক আৰু উদ্যোগ খণ্ডৰ বিশেষজ্ঞক সম্বোধি প্ৰদান কৰা ভাষণত মন্ত্ৰী সিংহলে কয় যে মাথোঁ ৩ৰ পৰা ৪ ঘণ্টাৰ বিমান যাত্ৰাৰ ভিতৰতে বিশ্বৰ জনসংখ্যাৰ ৩০% লোকৰ কাষ চাপিব পৰা ক্ষমতাৰে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়ালৈ ভাৰতৰ প্ৰৱেশদ্বাৰ হিচাপে অসম ভৌগোলিকভাৱে এক কৌশলগত স্থানত অৱস্থিত। এই দিশৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি তেওঁ কয় যে বিগত এটা দশকত অৰ্থনৈতিক বিকাশৰ দিশত অসমৰ দ্ৰুত উত্থান ঘটিছে। পৰিৱৰ্তন-প্ৰগতিৰ এই ঈৰ্ষণীয় দশক গৰকি অসম এতিয়া সমৃদ্ধিশালী আন্তঃগাঁথনি আৰু উদ্যোগ অনুকূল নীতিৰে এতিয়া বিনিয়োগৰ বৃহৎ-নিৰ্ভৰযোগ্য গন্তব্যস্থানলৈ ৰূপান্তৰ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০১৩-১৪ চনৰ ২৯ বিলিয়ন ডলাৰৰ পৰা ২০২৩-২৪ চনত ৬৮.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱা অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উপাদন ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত ৮৫.৮ বিলিয়ন ডলাৰ আৰু ২০৩০ চনৰ ভিতৰত ১৪৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে।

মন্ত্ৰী সিংহলে আন্তঃগাঁথনি, উৎপাদন, নবীকৰণযোগ্য শক্তি আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল বিনিয়োগৰ দ্বাৰা পৰিচালিত অসমৰ বিকাশৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতমালা কাৰ্যসূচীৰ অধীনত যোগীঘোপাত ভাৰতৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মাল্টি-ম’ডেল লজিষ্টিক পাৰ্ক, ভূটান-বাংলাদেশ ভ্ৰমণৰ সময় হ্ৰাস কৰা ধুবুৰী-ফুলবাৰী দলং, টাটাৰ ২৭,০০০ কোটি টকা বিনিয়োগৰ অৰ্ধপৰিবাহী প্ৰকল্প আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিডৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা উল্লেখ কৰে।

ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে সেউজ শক্তি আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ ভৱিষ্যতৰ দিনৰ দৃষ্টিভংগীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে, য’ত গ্ৰীণ হাইড্ৰজেন আৰু ইলেক্ট্ৰনিক্স চিষ্টেম ডিজাইন এণ্ড মেনুফেকচাৰিং, মহাকাশ, প্ৰতিৰক্ষা, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু তথ্য প্ৰযুক্তিৰ দৰে খণ্ডসমূহক বিনিয়োগৰ বাবে মূল ক্ষেত্ৰ হিচাপে উপস্থাপন কৰা হৈছে। তেওঁ লগতে ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্য, সাতখনকৈ ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিটা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰই সমৃদ্ধ কৰা বহনক্ষম পৰ্যটনৰ প্ৰতি দায়বদ্ধতাৰ কথাও নিজৰ ভাষণত উল্লেখ কৰে।

২০২৫ চনৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনলৈ বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাই তেওঁ কয় যে এই সন্মিলনৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে এক বৃহৎ ঝুমুইৰ নৃত্য প্ৰদৰ্শন কৰিব, যি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশ আৰু বিদেশৰ বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু উদ্যোগপতি উপস্থিত থাকিব।

দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ সংহত আৰু দক্ষ যোগান শৃংখলৰ বাবে ৰাজ্যখনক এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে তথা দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে অসমৰ গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰি তেওঁ বিনিয়োগকাৰীসকললৈ আহ্বান জনায়, ‘আহক আমি একত্ৰিত হৈ অসমৰ সম্ভাৱনাক মুকলি কৰোঁ আৰু সমৃদ্ধি আৰু উদ্ভাৱনৰ এক সুন্দৰ ভৱিষ্যত গঢ়ি তোলোঁ।

এই সন্মিলনত ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, কৰ্ণাটক ষ্টেট কাউন্সিল আৰু ইউ কে এণ্ড কোম্পানীৰ অধ্যক্ষ কে উল্লাছ কামাথে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে আদৰণি ভাষণ প্ৰদান কৰে। সন্মিলনত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি অশোক বাবুয়ে “এডভাণ্টেজ অসম” বিষয়ক এক বিস্তৃত প্ৰেজেণ্টেশ্যন আগবঢ়ায়। সন্মিলনত এনইএছএফবিৰ মুখ্য কাৰিকৰী বিষয়া নীতিন বসন্তই অসমৰ ক্ৰমবৰ্ধমান বিত্তীয় পৰিৱেশ তন্ত্ৰৰ বিষয়ে বক্তব্য আগবঢ়ায়।

আনহাতে অংশগ্ৰহণকাৰীসকলৰ অন্তৰংগ আলাপত তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী সিংহলে অসমৰ বিনিয়োগ নীতি, উদগণি আৰু বিনিয়োগ অনুকূল ব্যৱসায়িক পৰিৱেশৰ বিষয়ে বিনিয়োগকাৰীসকলৰ আত্মবিশ্বাস আৰু উৎসাহ বৃদ্ধি কৰে। ইয়াৰ পিছতে বিনিয়োগকাৰীসকলৰ সৈতে ধাৰাবাহিকভাৱে সুকীয়া সুকীয়াকৈ এলানি বৈঠক অনুষ্ঠিত হয়, য’ত উদ্যোগপতিসকলে অসম চৰকাৰৰ সক্ৰিয় পদক্ষেপৰ শলাগ লয় আৰু অসমত বিনিয়োগৰ প্ৰতি নিজৰ আগ্ৰহৰ কথা সদৰী কৰে। বহুসংখ্যক বিনিয়োগকাৰীয়ে এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰাৰ কথাও নিশ্চিত কৰে।

আজিৰ সন্মিলনত শ্বাহী এক্সপ’ৰ্টছ, ৱান স্কুল গ্ৰুপ অৱ ইনষ্টিটিউচনছ, চিএমই (চিএম এনভাইৰ’চিষ্টেমছ), কিছাংক্ৰাফ্ট, স্মিথছ গ্ৰুপ পিএলচি, স্লাইচ, টেভা ফাৰ্মাচিউটিকেলছ, কেমকম টেকন’লজিছ প্ৰাইভেট লিমিটেড, এপ’ল’ কম্পিউটিং লেবছ, এপ’ল’ হাস্পতালছ, একুছ ইনফ্ৰা, হাইটেক মেগনেটিক এণ্ড ইলেক্ট্ৰনিক্স, চেলকো ফাউণ্ডেশ্যন, ডি পেড্ৰ' চেনি, অটোমোভিল প্ৰযুক্তি, আৰু সত্য সাই ট্ৰাষ্ট আদি আগশাৰীৰ কোম্পানীয়ে অংশগ্ৰহণ কৰে। সন্মিলনত অংশগ্ৰহণ কৰা উদ্যোগ খণ্ডসমূহৰ ভিতৰত বস্ত্ৰশিল্প, শিক্ষা, অভিযান্ত্ৰিক, কৃষি জলসিঞ্চন, মহাকাশ, ফিনটেক, ফাৰ্মাচিউটিকেলছ, আই টি/আই টি ই এছ, ইলেক্ট্ৰনিক্স, স্বাস্থ্যসেৱা, আন্তঃগাঁথনি, বহুখণ্ডৰ উৎপাদন আৰু প্ৰযুক্তি আদি খণ্ডৰ অধিকসংখ্যক প্ৰতিনিধি উপস্থিত আছিল।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande