অপাৰেচন প্ৰঘাট, এছ টি এফৰ অভিযানত পুনৰ জেহাদী গ্ৰেপ্তাৰ, এইপৰ্যন্ত ১৪ জেহাদীক গ্ৰেপ্তাৰ
গুৱাহাটী, ২১ জানুৱাৰী (হি.স.)। অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে (এছটিএফ) মোষ্ট ৱান্টেড জেহাদী আৰু মৌলবাদী আজিবৰ ৰহমানক (৩১) অপাৰেচন প্ৰাঘাটৰ অধীনত আন এক গুৰুত্বপূৰ্ণ অভিযান চলায় গ্ৰেপ্তাৰ কৰিছে। আজিবৰ ৰহমান ধুবুৰী জিলাৰ চিনামাৰী গাঁৱৰ বাসিন্দা। তদ
এছ টি এফৰ অভিযানত গ্ৰেপ্তাৰ হোৱা জেহাদী


গুৱাহাটী, ২১ জানুৱাৰী (হি.স.)। অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে (এছটিএফ) মোষ্ট ৱান্টেড জেহাদী আৰু মৌলবাদী আজিবৰ ৰহমানক (৩১) অপাৰেচন প্ৰাঘাটৰ অধীনত আন এক গুৰুত্বপূৰ্ণ অভিযান চলায় গ্ৰেপ্তাৰ কৰিছে। আজিবৰ ৰহমান ধুবুৰী জিলাৰ চিনামাৰী গাঁৱৰ বাসিন্দা।

তদন্তৰ সময়ত, এইটো প্ৰকাশ পাইছিল যে এছটিএফে ইয়াৰ পূৰ্বে বাংলাদেশী নাগৰিকসহ এছটিএফ অসম পিএছ গোচৰ নং ২১/২০২৪ ৰ অধীনত ১৩ জন জেহাদী কাৰ্য্যকলাপৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক সকলোৱে আনছাৰুল্লাহ বাংলা টীমৰ মুৰব্বী জছিমুদ্দিন ৰহমানীৰ ঘনিষ্ঠ সহযোগী মোঃ ফাৰহান ইছৰাকৰ নিৰ্দেশনাঅনুসৰি কাম কৰি আছিল।

এই অভিযুক্তসকলে বাংলাদেশী নাগৰিক মোঃ চাদ ৰাদি ওৰফে চাব শ্বেখক ভাৰতলৈ প্ৰেৰণ কৰিছিল, যাৰ উদ্দেশ্য আছিল ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ আদৰ্শ বিয়পোৱা। অনুসন্ধানত এইটোও পোৱা গৈছিল যে তেওঁলোকৰ কাৰ্যকলাপবোৰ দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বক অস্থিৰ কৰিবলৈ উগ্ৰপন্থী গোটবোৰৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে পৰিচালনা কৰা হৈছিল।

এতিয়ালৈকে মুঠ ১৪ জন জিহাদী/মৌলবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। এই নেটৱৰ্কটো সম্পূৰ্ণৰূপে উন্মোচন কৰিবলৈ অনুসন্ধান চলি আছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande