নতুন দিল্লী, ২১ জানুৱাৰী (হি.স.)। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বত নতুন প্ৰশাসনে তেল আৰু গেছ উৎপাদন সৰ্বাধিক কৰাৰ পৰিকল্পনা ঘোষণা কৰাৰ পিছতে মঙলবাৰে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে ভাৰতলৈ আৰু অধিক আমেৰিকাৰ ইন্ধন অহাৰ সম্ভাৱনা আছে।
ইয়াত অটোমোবাইল উদ্যোগ সংস্থা ছ’চাইটি অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছ (ছিয়াম)ৰ এক অনুষ্ঠানত ভাষণ দি এই মন্তব্য কৰে হৰদীপ পুৰীয়ে। তেওঁ আৰু কয় যে ভাৰতলৈ তেল যোগানকাৰীৰ সংখ্যা ইতিমধ্যে ২৭ৰ পৰা ৩৯লৈ বৃদ্ধি পাইছে, যদি অধিক তেল আহে তেন্তে ভাৰতে ইয়াক আদৰি ল’ব। কিন্তু পুৰীয়ে কয় যে চৰকাৰে নতুন আমেৰিকা প্ৰশাসনৰ ঘোষণাসমূহ অতি সতৰ্কতাৰে নিৰীক্ষণ কৰি আছে।
তেল খনন আৰু গেছ উৎপাদন বৃদ্ধিৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দিছিল হৰদীপ পুৰীয়ে। তেওঁ কয় যে যদি আপুনি মোক সুধিব যে বজাৰত আৰু অধিক আমেৰিকান ইন্ধন আহিব নেকি, তেন্তে মোৰ উত্তৰ হ’ব হয়। পুৰীয়ে কয় যে যদি আপুনি কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত ইন্ধনৰ অধিক ক্ৰয়ৰ প্ৰবল সম্ভাৱনা আছে, তেন্তে উত্তৰ হ’ব হয়।
তেওঁ বাহন নিৰ্মাতাসকলক ভাৰতীয় বজাৰত অধিক ইথানল মিশ্ৰণযুক্ত ফ্লেক্স ইন্ধনযুক্ত বাহনৰ উপলব্ধতা বৃদ্ধি কৰিবলৈ কয়। ইয়াৰ সমান্তৰালকৈ পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে কয় যে দেশত ২০ শতাংশ ইথানল মিশ্ৰণৰ লক্ষ্য অতি সোনকালে লাভ কৰিবলৈ ওলাইছে, যিটো নিৰ্ধাৰিত সময়ৰ পাঁচ বছৰৰ আগতে হ’ব। পুৰীয়ে কয় যে ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰা কিছুমান সিদ্ধান্ত আশা কৰা হৈছে আৰু ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে অপেক্ষা কৰাৰ প্ৰয়োজন আছে।
আমেৰিকা, ব্ৰাজিল, গায়ানা, চুৰিনাম আৰু কানাডাৰ পৰা অধিক তেল অহাৰ কথা উল্লেখ কৰি পুৰীয়ে মূল্য হ্ৰাসৰ ইংগিতও দিয়ে। অৱশ্যে ২০১৫ চনৰ পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকান নতুন চৰকাৰে আঁতৰি অহাৰ সিদ্ধান্ত সন্দৰ্ভত তেওঁ কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া